মহাঅষ্টমী পূজাত নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ ওচৰত মাতৃ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনালে কণমানি পুত্ৰই৷ যোৱা ২৫ ছেপ্টেম্বৰত নগাঁৱৰ হিন্দু মিলন মন্দিৰৰ সমীপৰ ৰুমী দত্ত নামৰ এগৰাকী মহিলাক ডিঙি কাটি হত্যা কৰিছিল এজন যুৱকে৷
পৰৱৰ্তী সময়ত ৰুমী দত্তৰ হত্যাকাৰী সুব্ৰত মজুমদাৰ নামৰ লংকাৰ যু্ৱকজনক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে৷
মহাঅষ্টমীৰ দিনা হিন্দু মিলন মন্দিৰৰ পূজাস্থলীত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মৃত মহিলাগৰাকীৰ পুত্ৰ সন্তান আৰু আত্মীয়ই হত্যাকাৰীক ফাঁচি দিবলৈ আহ্বান জনাই কান্দোনত ভাঙি পৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|