মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৰ গাত কংগ্ৰেছৰ ডিএনএ (DNA) নাই বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰণজিত দাসে। কংগ্ৰেছৰ নেতা ৰিপুন বৰাই মুখ্যমন্ত্ৰী শৰ্মাক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত মন্ত্ৰী ৰণজিত দাসে (Minister Ranjit Kumar Das) কয় যে BJPৰ জন্ম হৈছিল ১৯৮০ চনত ৷ এতিয়াৰ বিজেপিসকলৰ পিতৃ-মাতৃসকল আগতে বেলেগ ৰাজনৈতিক দলৰ সদস্য আছিল ৷ বিজেপিৰ দৰ্শন-আদৰ্শ ভাল পাই চামে-চামে মানুহ দললৈ আহি আছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ গাত কংগ্ৰেছ (Congress)ৰ ডিএনএ নাই ৷ কংগ্ৰেছে হতাশাগ্ৰস্থ হৈ এনে ধৰণৰ মন্তব্য কৰিছে বুলি কটাক্ষ কৰে মন্ত্ৰী ৰণজিত দাসে ৷
আনহাতে কংগ্ৰেছৰ দিনতে যধে-মধে পিএছঅ' (PSO) প্ৰদান কৰা বুলিও তেওঁ মন্তব্য কৰে ৷ আগন্তুক পৌৰসভা নিৰ্বাচনত বিজেপি আৰু অগপ (AGP)ই পৃথকে পৃথকে অৱতীৰ্ণ হ’লেও কংগ্ৰেছে সুবিধা ল’ব নোৱাৰে বুলি উল্লেখ কৰি কংগ্ৰেছ বৰ্তমান বাঘবৰ, জনিয়াতহে সীমাৱদ্ধ হৈ থকা বুলি মন্তব্য কৰে ৷
বঙাইগাঁৱৰ গান্ধী ময়দানত অসম চৰকাৰৰ ক্ষুদ্ৰ ঋণ (Micro Finance) বোনাচ আৰু ৰেহাই আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰণজিত দাসে এই মন্তব্য কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি ৪৯ কোটি ৩৮ লাখ টকাৰ ব্যয় সাপেক্ষে ২৪,৩০০ গৰাকী নিয়মীয়া পৰিশোধকাৰীক চেক বিতৰণ কৰা হয়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|