মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ বিষয়াসকলৰ সৈতে বিভাগটোৱে ৰূপায়ণ কৰা কাম-কাজ আৰু আঁচনিসমূহৰ পর্যালোচনা কৰে। বিভাগটোৱে ৰূপায়ণ কৰি থকা আঁচনিসমূহ আৰু হাতত ল'ব খোজা পদক্ষেপসমূহৰ পর্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ মহিলাসকলৰ বয়ন শিল্পত স্বভাৱগত দক্ষতা আছে, সেয়েহে ৰাজ্যখনৰ হস্ততাঁত আৰু বস্ত্র খণ্ডটোক শক্তিশালী কৰি তোলাৰ স্বাৰ্থত বিভাগটোৱে এক ব্যৱহাৰিক দৃষ্টিভংগী গ্রহণ কৰিব লাগিব।
এই বিভাগটোক শিপিনীসকলৰ বাবে এক শক্তিশালী মঞ্চলৈ ৰূপান্তৰ কৰাৰ দিশত পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰাৰ বাবে উপযুক্ত চিন্তা-চৰ্চা কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। উল্লেখ্য ৰাজ্যখনৰ এক লাখতকৈও অধিক শিপিনীৰ ওচৰত সূতা বেংকৰ পাছবুক আছে, যাৰ অধীনত তেওঁলোকে প্রতি মাহে ৪.৫ কিলোগ্রামকৈ সূতা লাভ কৰে। এই দিশটোলৈ আঙুলিয়াই মুখ্যমন্ত্ৰীয়ে শিপিনীসকললৈ উন্নত মানৰ সূতা যোগান ধৰাৰ লগতে সূতা বেংক আঁচনিখনৰ পর্যালোচনা কৰিবলৈ বিভাগটোক নির্দেশ দিয়ে।
মুখ্যমন্ত্ৰীৰ মতে, ৰাজ্যৰ শিপিনীসকলে উৎপাদিত সামগ্ৰীৰ লাভ আদায় কৰিবলৈ সক্ষম হোৱা নাই বজাৰৰ অভাৱত। সেয়ে শিপিনীসকলৰ বাবে সহজলভ্য আৰু পোনপটীয়া বজাৰ সৃষ্টিতো পদক্ষেপ ল’বলৈ বিভাগটোক নির্দেশ দিয়ে। আনহাতে, হস্ততাঁত সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে 'আর্টফেড'ক পুনৰুজ্জীৱিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। দেশৰ বিভিন্ন চহৰৰ লগতে অসম ভৱনসমূহতো ৰাজ্যৰ হস্ততাঁত সামগ্ৰীৰ প্ৰদৰ্শনৰ বাবে কাউণ্টাৰ স্থাপন কৰিবলৈ তেওঁ নির্দেশ দিয়ে।
আজিৰ বৈঠকত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্রী ইউ জি ব্ৰহ্ম, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, বিভাগটোৰ আয়ুক্ত-সচিব মনালিছা গোস্বামীৰ লগতে আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|