মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma : শৰাইঘাটৰ ৰণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে- ''ঔৰংগজেৱৰ নিৰ্দেশত অসমত ইছলামিক শাসন চলোৱাৰ লক্ষ্য লৈছিল মোগলে''

CM Himanta Biswa Sarma : শৰাইঘাটৰ ৰণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে- ''ঔৰংগজেৱৰ নিৰ্দেশত অসমত ইছলামিক শাসন চলোৱাৰ লক্ষ্য লৈছিল মোগলে''

মুখ্যমন্ত্ৰীয়ে কয়- লাচিতৰ পৰিৱৰ্তে বাঘ হাজৰিকাক স্থান দিব বিচাৰে বামপন্থীয়ে, বিৰোধীয়ে৷ কিন্তু ইয়াত বাঘ হাজৰিকাৰ কোনো অস্তিত্বই নাছিল

মুখ্যমন্ত্ৰীয়ে কয়- লাচিতৰ পৰিৱৰ্তে বাঘ হাজৰিকাক স্থান দিব বিচাৰে বামপন্থীয়ে, বিৰোধীয়ে৷ কিন্তু ইয়াত বাঘ হাজৰিকাৰ কোনো অস্তিত্বই নাছিল

মুখ্যমন্ত্ৰীয়ে কয়- লাচিতৰ পৰিৱৰ্তে বাঘ হাজৰিকাক স্থান দিব বিচাৰে বামপন্থীয়ে, বিৰোধীয়ে৷ কিন্তু ইয়াত বাঘ হাজৰিকাৰ কোনো অস্তিত্বই নাছিল

  • Share this:

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশনত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৬ জানুৱাৰীৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ অন্তিম দিনত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়- ঔৰংগজেৱৰ নিৰ্দেশত অসমত ইছলামিক শাসন চলোৱাৰ লক্ষ্য লৈছিল মোগলে ৷ সনাতনী ধৰ্ম সংস্কৃতি নিঃশেষ কৰিবলৈ আহোমৰ বিৰুদ্ধে যুঁজিছিল মোগলে। পিছে মহাবীৰ লাচিত বৰফুকনৰ সুনিপুণ ৰণনীতিত সেয়া পাঁচ শতাংশও সফল নহ'ল ৷


মুখ্যমন্ত্ৰীয়ে জাতিটোৰ বাবে এয়া কৃতিত্ব বুলি প্ৰকাশ কৰাৰ লগতে বামপন্থী সকলে সময়ে সময়ে ইয়াকে লৈ মেৰুবিভাজন কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ আনে বুলিও মন্তব্য দিয়ে। মুখ্যমন্ত্ৰীয়ে কয়- লাচিতৰ পৰিৱৰ্তে বাঘ হাজৰিকাক স্থান দিব বিচাৰে বামপন্থীয়ে, বিৰোধীয়ে৷ কিন্তু ইয়াত বাঘ হাজৰিকাৰ কোনো অস্তিত্বই নাছিল, সেই বাঘ হাজৰিকাকে প্ৰতিষ্ঠা কৰাৰ কুট-কৌশলহে চলিছে অসমত৷ বামপন্থীৰ এয়া আহোম বুৰঞ্জীক বিকৃত কৰি মুনাফা লভাৰ চেষ্টা বুলি আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে ৷


মুখ্যমন্ত্ৰীয়ে ভাষা এটা জাতিৰ একমাত্ৰ পৰিচয় হ'ব নোৱাৰে বুলি প্ৰকাশ কৰি কয়- ভাষা সংস্কৃতিৰ প্ৰতীকো হ'ব নোৱাৰে ৷ প্ৰতিটো সংস্কৃতিৰ আটাইতকৈ ডাঙৰ পৰিচয় ধৰ্মহে ৷ নামনি অসমত ক্ৰমাৎ সংখ্যালঘুত পৰিণত হোৱা  অসমীয়াসকলক উদ্দেশ্যিও মুখ্যমন্ত্ৰী শৰ্মাৰ তাৎপৰ্যপূৰ্ণ আহ্বান- জনজাতি লোকসকলৰ সংস্কৃতিক দিয়ক স্বীকৃতি ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ দাবী, জনজাতীয় সংস্কৃতিক স্বীকৃতি নিদিয়া বাবে সংখ্যালঘুত পৰিণত হৈছে অসমীয়া ৷ সেয়ে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক লৈ আগবঢ়াৰ পোষকতা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ ইয়াৰ উপৰি অৰ্থনৈতিকভাৱে দেশক আগুৱাই নিবৰ বাবেও আহোপুৰুষাৰ্থ কৰিবলৈ প্ৰতি অসমীয়ালৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷

শেহতীয়া বাতৰি