• Home
  • »
  • News
  • »
  • assam
  • »
  • এটাৰ পিছত আনটো কামৰ খতিয়ান লোৱাত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এটাৰ পিছত আনটো কামৰ খতিয়ান লোৱাত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোক নিৰ্মাণ (গৃহ) বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠকত বিভাগটোৰ আমোলা-বিষয়াক কি নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ?

লোক নিৰ্মাণ (গৃহ) বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠকত বিভাগটোৰ আমোলা-বিষয়াক কি নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ?

লোক নিৰ্মাণ (গৃহ) বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠকত বিভাগটোৰ আমোলা-বিষয়াক কি নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ?

  • Share this:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত লোক নিৰ্মাণ (গৃহ) বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকত লোক নিৰ্মাণ (গৃহ) বিভাগটোৰ অধীনত ৰূপায়ণ কৰি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চৌহদত নির্মীয়মাণ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, শিলচৰ মেডিকেল কলেজ হাস্পতালত নির্মীয়মাণ ৫০০ খন বিছনাযুক্ত জৰুৰীকালীন চিকিৎসালয়, গুৱাহাটীৰ অসম কনভেনচন চেণ্টাৰ আৰু ৰাজ্যিক অতিথিশালা, নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।


নিৰ্মীয়মাণ প্ৰকল্পসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক নিৰ্দেশ দিয়ে । ধুবুৰী, নগাঁও, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য ‍ক্ষিপ্ৰ কৰি তোলাৰ নিৰ্দেশ দিয়াৰ লগতে অহা বছৰৰ পৰা ধুবুৰী অথবা নলবাৰী মেডিকেল কলেজৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ।


মুখ্যমন্ত্ৰীয়ে চৰাইদেউ আৰু বিশ্বনাথ মেডিকেল কলেজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উপৰি মৰিগাঁও আৰু ধেমাজি মেডিকেল কলেজৰ বাবে ভূমি আবণ্টন, স্থপতিবিদ নিযুক্তি আদি প্ৰাৰম্ভিক কাম-কাজ এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।


লোক নিৰ্মাণ বিভাগৰ অধীনত ৰূপায়িত ১০০ কোটি টকা প্ৰকল্প ব্যয়ৰ ঊৰ্ধ্বৰ সকলো প্ৰকল্পতে "প্ৰজেক্ট মেনেজমেণ্ট কনচালটেন্সি" (PMC) নিয়োগ কৰাটো বাধ্যতামূলক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোক নিৰ্মাণ (গৃহ) আৰু লোক নিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ শেহতীয়া অনুমোদিত নিৰিখৰ তালিকা (Schedule of Rates) সম্বলিত তিনিখন পুস্তিকাও উন্মোচন কৰে ।

Published by:Gautam Barman
First published: