আজি নলবাৰীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। নলবাৰীৰ মহাৰজত জয়ন্তীত ভৰি দিয়া বগুৰিহাটী বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজাত সেৱা গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। বাসন্তী পূজাত সেৱা কৰিয়েই ৰাইজক সম্বোধন কৰি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়।
বগুৰিহাটী বাসন্তী পূজা মন্দিৰৰ বাবে পঞ্চাশ লাখ টকাৰ অনুদান ঘোষণা কৰাৰ লগতে বাসন্তী পূজা খলাৰ কাষতে থকা শিৱমন্দিৰৰ বাবেও দহ লাখ টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
অৰুণোদয় আঁচনি সম্পৰ্কত মন্তব্য কৰি পুনৰ আঠ লাখ লোকক অৰুণোদয় আঁচনি দিয়া হ'ব বুলি ঘোষণা কৰে। একেদৰে ৰেচন কাৰ্ড নথকা লোককো নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব বুলি ঘোষণা কৰে আৰু ৰেচন কাৰ্ড দেখালেই হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব বুলিও ঘোষণা কৰে। ইপিনে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰত্যক্ষভাৱে চৰকাৰী আৰ্থিক অনুদান দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। পূজাভাগক কেন্দ্ৰ কৰি সকলো একত্ৰিত হৈ থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 31, 2023, 17:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।