உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ''গৰুখুঁটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছে''- ড০ হিমন্ত বিশ্ব শৰ্মা

    ''গৰুখুঁটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছে''- ড০ হিমন্ত বিশ্ব শৰ্মা

    আঠ হাজাৰতকৈ অধিক কার্যকর্তা উপস্থিত থকা জিলা কার্যনির্বাহকৰ বৈঠকক সম্বােধন মুখ্যমন্ত্ৰীৰ

    আঠ হাজাৰতকৈ অধিক কার্যকর্তা উপস্থিত থকা জিলা কার্যনির্বাহকৰ বৈঠকক সম্বােধন মুখ্যমন্ত্ৰীৰ

    আঠ হাজাৰতকৈ অধিক কার্যকর্তা উপস্থিত থকা জিলা কার্যনির্বাহকৰ বৈঠকক সম্বােধন মুখ্যমন্ত্ৰীৰ

    • Share this:

     'অসমৰ ভূমি সুৰক্ষিত কৰাৰ নিৰ্ণায়ক যুঁজ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ গৰুখুঁটি, ধলপুৰ শিৱ মন্দিৰ অঞ্চলৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত বেদখলকাৰীৰ কবলত থকা সমগ্র ভূমি উদ্ধাৰ নকৰা পর্যন্ত এই যুঁজ চলি থাকিব। গৰুখুঁটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছে।' - এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।


    ভাৰতীয় জনতা পাৰ্টীৰ ৪০খন সাংগঠনিক জিলাৰ জিলা কার্যনির্বাহকৰ শনিবাৰে পুৱা ১০ বজাৰ পৰা একেলগে হোৱা বৈঠকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷


    উল্লেখ্য যে আজি অনুষ্ঠিত হােৱা জিলা কার্যনিৰ্বাহকৰ সভাত জিলা সভাপতি, জিলাপ্রভাৰী আৰু সহঃ প্রভাৰী, জিলা বিষয়ববীয়া, জিলা কার্যনির্বাহকৰ সকলাে সদস্য, আমন্ত্রিত সদস্য, মণ্ডল সভাপতি, মর্চাসমূহৰ সভাপতি, সংশ্লিষ্ট জিলাখনত থকা সাংসদ, বিধায়ক, জিলা পৰিষদৰ সদস্য, স্বায়ত্ত পৰিষদৰ মুখ্য কার্যনির্বাহ সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্য, সংশ্লিষ্ট জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়া, কার্যনির্বাহক সদস্য, আমন্ত্রিত সদস্য, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, ৰাজ্যিক পৰিষদৰ সদস্য, সংশ্লিষ্ট জিলাৰ অন্তর্গত মৰ্চাসমূহৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক বিষয়ববীয়া আৰু কোষৰ আহ্বায়ক, সহঃ আহ্বায়কসকল, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি-সভানেত্রীসকল উপস্থিত আছিল।


    আঠ হাজাৰতকৈ অধিক কার্যকর্তা উপস্থিত থকা জিলা কার্যনির্বাহকৰ বৈঠকক সম্বােধন কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দল আৰু চৰকাৰে সকলাে সময়তে এক হৈ কাম কৰি যাব। দলীয় কার্যকর্তাসকলৰ নেতৃত্বতে চৰকাৰে বিভিন্ন কল্যাণকামী আঁচনিসমূহ অনাগত সময়ত জনসাধাৰণৰ ঘৰে ঘৰে লৈ যােৱাৰ প্রয়াস কৰিব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে।


    চৰকাৰে প্রশাসন ব্যৱস্থাক পর্যায়ক্রমে ডিজিটেল কৰি তুলি জনসাধাৰণে ঘৰৰ পৰাই বিভিন্ন চৰকাৰী কাম নিয়াৰিকৈ কৰিব পৰা এক প্রশাসনিক পৰিৱেশ গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথাও মুখ্যমন্ত্ৰীয়ে দলীয় কার্যকর্তাক জানিবলৈ দিয়ে।


    ভূমি সংস্কাৰ আৰু পৰিবহণ বিভাগত গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা বর্ণনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কম সময়ৰ ভিতৰতে অসম চৰকাৰৰ প্রশাসনিক ব্যৱস্থা ডিজিটেল কৰি তােলা হ'ব।


    ৰাজ্যখনৰ উন্নয়ন প্রক্রিয়াক ত্বৰান্বিত কৰাৰ বাবে চৰকাৰে বিভিন্ন উগ্রপন্থী সংগঠনক আলােচনাৰ মেজত বহুৱাই শান্তি প্রতিষ্ঠাৰ বাবে লােৱা বলিষ্ঠ পদক্ষেপ কথাও মুখ্যমন্ত্ৰীয়ে দলীয় কার্যকর্তাক অৱগত কৰি কয়- “ভােটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পালেও ভােটদানৰ প্রতি খিলঞ্জীয়া লােকৰ এতিয়াও যথেষ্ট অনীহা আছে। কিন্তু ৰাজ্যৰ এটা বিশেষ ধৰ্মাৱলম্বী লােকৰ প্ৰায় এশ শতাংশ ভােটদান হয়। এই কথাটোৰ প্রতি লক্ষ্য ৰাখি আমাৰ দলৰ কার্যকর্তাই খিলঞ্জীয়া লােকৰ এশ শতাংশ ভােটদান নিশ্চিত কৰাৰ বাবে প্ৰয়াস কৰিব লাগে। এশ শতাংশ খিলঞ্জীয়াই ভােটদান কৰিলে ভাৰতীয় জনতা পার্টীক কোনেও পৰাজয় কৰিব নােৱাৰে। সেয়ে দলীয় কার্যকতাই এতিয়াৰে পৰা খিলঞ্জীয়াৰ এশ শতাংশ ভােটদান নিশ্চিত কৰাৰ অভিযান আৰম্ভ কৰি দিব লাগে।”


    ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণৰ কথা উল্লেখ কৰি এনেদৰে বৰ্ণনা কৰা হৈছে।


    উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা জিলা কার্যনির্বাহকৰ সভা ভাৰ্চুৱেলী সম্বােধন কৰাৰ বিপৰীতে দলৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ পৰা আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাই শিলচৰৰ পৰা কাৰ্যকর্তাসকলক ভাৰ্চুৱেলী সম্বােধন কৰে।


    জিলা কার্যনির্বাহকৰ বৈঠক সম্বােধন কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে দলৰ সকলাে কার্যকর্তাই সেৱাৰ মনােভাৱেৰে নিবিচ্ছিন্নভাৱে কামকাজ কৰি থকাৰ বাবেই ভাৰতীয় জনতা পার্টী প্রতিদিনেই সাংগঠনিকভাৱে সবলতাৰে আগবাঢ়ি আছে ।  আনহাতে আজি দলটোৰ ওদালগুৰি জিলাৰ সভাপতি সুনীল বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জিলা কাৰ্যনিৰ্বাহক সভাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সম্বোধন কৰে ৷ 

    Published by:Gautam Barman
    First published: