গুৱাহাটীত বহু বিৰতিৰ মূৰত এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট। তাকো দিবা-নৈশ। এনে এখন খেলৰ চাক্ষুষ অভিজ্ঞতা নোলোৱাকৈ কোনোবা থাকিব পাৰেনে? নোৱাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে একেলগে উপভোগ কৰে ভাৰত-শ্ৰীলংকাৰ হাইভল্টেজ মেচখন। লগত উপস্থিত থাকে বিধায়ক তথা অসম ক্ৰিকেট সংস্থাৰ সভাপতি তৰংগ গগৈও।
মুখ্যমন্ত্ৰীক ষ্টেডিয়ামত দৰ্শকৰ আসনত প্ৰত্যক্ষ কৰি জনতাই অভিবাদন জনোৱা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰীয়ে সকলোকে হাত জোকাৰি সঁহাৰি দিয়ে। উল্লেখ্য, মেচখন লগতে উপভোগদ কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়েও।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।