অসমত বন্ধ হৈ থকা কয়লা খননক লৈ কয়লা ব্যৱসায়ত জড়িত লোক তথা সংস্থাৰ ফালৰ পৰা কয়লা খনন পুনৰ আৰম্ভ কৰিবলৈ দাবী উত্থাপন হৈ আহিছে। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত উপস্থিত হৈ ক'ল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ এই সম্পৰ্কত আলোচনা কৰে। বৈঠকত নর্থ ইষ্টাৰ্ন ক’ল ফিল্ডত কয়লা খনন পুনৰ আৰম্ভ কৰা–নকৰাক লৈ আলোচনা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কয়লাখনন পুনৰ আৰম্ভ কৰাৰ সৈতে প্ৰদূষণ, পৰিৱেশ আৰু বন বিভাগৰ অনুমতিৰ দিশ জড়িত হৈ আছে। সেয়েহে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে নতুন দিল্লীত অহা মাহত ভাৰত চৰকাৰৰ কয়লা মন্ত্রালয়, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয় আৰু অসম চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হ'ব।
এই সমস্যাটোৰ এক সমাধান সূত্র উলিওৱাৰ বাবে সংশ্লিষ্ট সকলো পক্ষই আগবাঢ়ি আহিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক’ল ইণ্ডিয়া লিমিটেডে কেম্পা কাৰ্যসূচীৰ জৰিয়তে বনানীকৰণ আৰু বনাঞ্চল বৃদ্ধিৰ কাম-কাজ অব্যাহত ৰখাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়টো সমাধানৰ বাবে এক সংহত আৰু বিজ্ঞানসন্মত পদক্ষেপ লোৱাটো জৰুৰী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বন সংৰক্ষণ আৰু কয়লা খননৰ মাজত এক নির্দিষ্ট ভাৰসাম্য ৰক্ষাৰ অর্থে পদক্ষেপ ল'ব লাগিব বুলি কয়। অর্থনীতি, জীৱিকা আৰু পৰিৱেশ অবিৰতভাৱে সন্তুলিত কৰি ৰখাৰ দিশত গুৰুত্ব আৰোপ কৰে ড০ শৰ্মাই।
আজিৰ বৈঠকত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষি মন্ত্রী অতুল বৰা, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা তথা সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|