নিশা জি এম চি এইচত উপস্থিত হৈ কোভিড পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

News18 Assam | News18-Assam
Updated:May 18, 2021, 11:56 PM IST
নিশা জি এম চি এইচত উপস্থিত হৈ কোভিড পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে
কোভিড পৰিস্থিতিৰ লগতে পৰ্যবেক্ষণ কৰিলে আইচিইউ কোঠা নিৰ্মাণৰ কাম।

কোভিড পৰিস্থিতিৰ লগতে পৰ্যবেক্ষণ কৰিলে আইচিইউ কোঠা নিৰ্মাণৰ কাম।

  • Share this:

আজি নিশা জি এম চি এইচত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ কোভিড পৰিস্থিতিৰ বিষয়ে বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে জি এম চি এইচৰ নতুনকৈ নিৰ্মাণ কৰি থকা আই চি ইউ কোঠাও পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন ২০০ বিছনাযুক্ত আই চি ইউ কোঠাৰ কাম ২০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত আছিল সাংসদ পল্লৱলোচন দাস।  উল্লেখ্য, আজি মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোভিড পৰিস্থিতিৰো বুজ ল'বলৈ উপস্থিত হৈছিল হাস্পতালখনত।

Published by: Gautam Barman
First published: May 18, 2021, 11:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি