• Home
  • »
  • News
  • »
  • assam
  • »
  • Gandhi Jayanti : গান্ধীজয়ন্তীত মহাত্মা গান্ধীক স্মৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

Gandhi Jayanti : গান্ধীজয়ন্তীত মহাত্মা গান্ধীক স্মৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

 সোণোৱালে লগতে আজিৰ গুৱাহাটীৰ টি-২০ খেলখন সুন্দৰকৈ অনুষ্ঠিত হোৱাটো বিচৰাৰ লগতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।

সোণোৱালে লগতে আজিৰ গুৱাহাটীৰ টি-২০ খেলখন সুন্দৰকৈ অনুষ্ঠিত হোৱাটো বিচৰাৰ লগতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।

সোণোৱালে লগতে আজিৰ গুৱাহাটীৰ টি-২০ খেলখন সুন্দৰকৈ অনুষ্ঠিত হোৱাটো বিচৰাৰ লগতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।

  • Share this:
মহানগৰীৰ গান্ধীমণ্ডপত গান্ধী জয়ন্তী উদযাপন। মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মাল্যাৰ্পণ কৰে গান্ধীজীৰ মূৰ্তিত।

ইয়াৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ভাষণত গান্ধীজীলৈ অসমবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা উল্লেখ কৰি কয় যে গান্ধীজীয়ে ঋষিতুল্য জীৱন যাপন কৰিছিল। ৪বাৰ অসম ভ্ৰমণ কৰা গান্ধীয়ে ১৯৪৬ চনত অসমত শেষবাৰলৈ আহি শৰণীয়া পাহাৰত আছিলহি। ইয়াৰ স্মৃতিকল্পে প্ৰথমবাৰলৈ লাইট এণ্ড শ্ব' মুকলি কৰা হ'ল শৰণীয়া পাহাৰত। লগতে এটি সংগ্ৰাহলয়ো মুকলি কৰা হয় গান্ধীমণ্ডপত।

ইয়াৰ লগতে গান্ধীজয়ন্তীত মাহাত্মা গান্ধীক স্মৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। তেওঁ গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। সোণোৱালে কয়- গান্ধী জয়ন্তীৰ আজিৰ দিনটোত সেৱা পষেকৰ অন্তিম দিন। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সেৱা পষেক কাৰ্যসূচীৰ অন্তিম দিনত Vocal for Local শ্লোগানেৰে ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিকৰ মাজত বিতৰণ কৰে খাদী কাপোৰ।

লোকসভাৰ টিকট সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে আজি গান্ধী জয়ন্তী। স্বচ্ছতা আৰু সমাজ সেৱা নিস্বাৰ্থভাৱে কৰা লোককহে প্ৰাধান্য দিয়া হ'ব। সোণোৱালে লগতে আজিৰ গুৱাহাটীৰ টি-২০ খেলখন সুন্দৰকৈ অনুষ্ঠিত হোৱাটো বিচৰাৰ লগতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি