সাৱধান! গুৱাহাটীৰ মুৰ্গী মাংসৰ বজাৰত গোপনে বিক্ৰী হৈছে গো-মাংস

News18 Assam | News18-Assam
Updated:October 21, 2020, 1:33 PM IST
সাৱধান! গুৱাহাটীৰ মুৰ্গী মাংসৰ বজাৰত গোপনে বিক্ৰী হৈছে গো-মাংস
প্ৰতীকী ফটো

গো মাংস বিক্ৰী কৰা দোকানখনৰ মালিক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল যদিও পিছত একাংশ লোকে কৰায়ত্ত কৰি আৰক্ষীক গটাই দিয়ে। 

  • Share this:
মাংস ক্ৰয় কৰোতে সাৱধান হওক! গুৱাহাটীৰ মুৰ্গী মাংসৰ বজাৰত গোপনে অসাধু ব্যৱসায়ীয়ে বিক্ৰী কৰিছে গো-মাংস। এনেধৰণৰ এক ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত হৈ পৰিল মহানগৰীৰ নাৰেংগীৰ এখন বজাৰ। বজাৰত গো মাংস বিক্ৰী কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। দোকান খনত একাংশ ৰাইজে উদ্ধাৰ কৰে গো মাংস খিনি।

একাংশ উত্তেজিত ৰাইজৰ অভিযোগ মতে ,দোকান খনত মুৰ্গী মাংসৰ লগতে গোপনে বিক্ৰী কৰি আহিছিল গো মাংস। এই কথা পোহৰলৈ অহাৰ পিছতে  একাংশ উত্তেজিত ৰাইজে বজাৰৰ কেইবাখনো দোকান ভাঙি লণ্ড ভণ্ড কৰে।

উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰে দোকানখন।


অৱশেষত ঘটনস্থলীত উপস্থিত হয় নুনমাটি আৰক্ষী আৰু নিউ গুৱাহাটী ৰে’লৱে আৰক্ষী। পিছত আৰক্ষীৰ হস্তক্ষেপত নিয়নত্ৰণলৈ আহে পৰিস্থিতি। ইফালে আৰক্ষীয়ে মুৰ্গীৰ মাংসৰ লগতে জব্দ কৰে গো মাংস।

গো মাংস বিক্ৰী কৰা দোকানখনৰ মালিক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল যদিও পিছত একাংশ লোকে কৰায়ত্ত কৰি আৰক্ষীক গটাই দিয়ে।
Published by: Himangshu Bhuyan
First published: October 21, 2020, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading