নিৰ্বাচন কাষ চাপি আহিছে, হিতাধিকাৰিক লৈ ব্যস্ত বিজেপিৰ নেতা-পালিনেতা

বুধবাৰে যোৰহাটত জিলাখনৰ কেইবাহাজাৰ লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে স্বয়ম আঁচনিৰ শুভাৰম্ভ ঘটাই বহু লোকক ত্ৰিশ হাজাৰ টকাকৈ চেকযোগে প্ৰদান কৰা হয়।
বুধবাৰে যোৰহাটত জিলাখনৰ কেইবাহাজাৰ লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে স্বয়ম আঁচনিৰ শুভাৰম্ভ ঘটাই বহু লোকক ত্ৰিশ হাজাৰ টকাকৈ চেকযোগে প্ৰদান কৰা হয়।
- News18 Assam
- Last Updated: January 28, 2021, 7:38 PM IST
যোৰহাটত বুধবাৰে বহু সংখ্যক হিতাধিকাৰিক আনুষ্ঠানিকভাৱে স্বয়ম আঁচনিৰ চেক প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই। যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীও উপস্থিত থাকে। জিলাখনত ৭৪৮৭ জন হিতাধিকাৰীক প্ৰদান কৰা হৈছে স্বয়ম আঁচনিৰ চেক।
"মই আশা কৰিছো যে এই আঁচনিৰ পৰা হিতাধিকাৰিসকল নিশ্চয় উপকৃত হ’ব। হিতাধিকাৰিসকলে যি ধন লাভ কৰিব তাৰ যাতে সঠিক ব্যৱহাৰ কৰে। মন্ত্ৰী অতুল বৰাই এনেদৰে কয়।
"বহু মানুহ দীৰ্ঘদিন ধৰি গ্ৰেজিঙৰ মাটিত বসবাস কৰি আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে আমি সেইসকল লোকক মাটিৰ আবণ্টন পত্ৰ দিব পৰা নাই। কিন্তু অচিৰেই চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱা হ’ব। আৰু আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে তেতিয়া এইসকল লোকক মাটিৰ আবণ্টন দিবলৈ অনুমতি প্ৰদান কৰিব। গতিকে মই সেইসকল লোকক অধৈৰ্য নহ’বলৈ আহ্বান জনাইছো।", যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয়।
এনেদৰেই বৰ্তমান যোৰহাটকে ধৰি বিভিন্ন ঠাইত চৰকাৰী আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণত ব্যস্ত হৈ পৰিছে জনপ্ৰতিনিধিসকল। হিতাধিকাৰিৰ সৃষ্টি আৰু তেওঁলোকক সন্তুষ্ট কৰি নিৰ্বাচনৰ বাবে নিশ্চিত হৈ থাকিবলৈ বৰ্তমান অতিকৈ ব্যস্ত হৈ পৰিছে জনপ্ৰতিনিধিসকলৰ লগতে বিজেপিৰ নেতা-পালিনেতাসকল।