মুখ্যপৃষ্ঠা »খবৰ »অসম »সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত ধনশিৰি মহকুমাৰ খৰাংপীড়িত কৃষকক চেক প্ৰদান ...

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত ধনশিৰি মহকুমাৰ খৰাংপীড়িত কৃষকক চেক প্ৰদান ...

মংগলবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় আৰু সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সৌজন্যত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত দ্বিতীয় পৰ্যায়ত খৰাংপীড়িত বহুকেইজন কৃষকক ক্ষতিপূৰণৰ চেক প্ৰদান কৰা হয় আৰু বাকী কৃষকসকলক নিজা নিজা বেংক একাউন্টৰ জড়িয়তে প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে ৷

  • Share this:
সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাত যোৱা ২০২১ চনত খৰাং পৰিস্থিতি সৃষ্টি হোৱাত কৃষিজীৱী ৰাইজ বেয়াকৈ ক্ষতিৰ সন্মূখীন হৈছিল। সেই খৰাঙৰ পৰিপেক্ষিতত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰে মহকুমাটোৰ ২৫৭৬০ জন কৃষকক প্ৰায় ৯ কোটি বিশ লাখ ৪৭ হাজাৰ ৪৪ টকা ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

ইতিমধ্যে প্ৰথম পৰ্যায়ত ক্ষতিগ্ৰস্ত বহুকেইজন কৃষকক ক্ষতিপূৰণ প্ৰদান কৰা হৈছে ৷ মংগলবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় আৰু সৰুপথাৰ ৰাজহ চক্ৰবিষয়া কাৰ্যালয়ৰ সৌজন্যত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত দ্বিতীয় পৰ্যায়ত খৰাংপীড়িত বহুকেইজন কৃষকক ক্ষতিপূৰণৰ চেক প্ৰদান কৰা হয় আৰু বাকী কৃষকসকলক নিজা নিজা বেংক একাউন্টৰ জড়িয়তে প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে ৷ ক্ষতিপূৰণৰ চেক প্ৰদান কাৰ্যসুচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া হেমাংগ নবীচ , গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তমসা দাস, ধনশিৰি মহকুমাৰ নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকা, সীমান্ত দণ্ডাদীশ প্ৰাণজিল গগৈ , কাৰ্যবাহী দণ্ডাদীশ সুত্ৰিঞ্চা বৰদলৈ , বড়ো কছাৰী স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীৰ লগতে বহুকেইজন বিশিষ্ঠ ব্যক্তিৰ লগতে বহুকেইজন গাঁওবুঢ়া আৰু কৃষক ৰাইজ উপস্থিত থাকে ৷

শেহতীয়া বাতৰি