অক্টোবৰ মাহত তেলৰ দাম প্ৰতিদিনে বাঢ়িছিল। কিন্তু চলিত মাহত স্থিৰ আছে পেট্ৰ'ল-ডিজেলৰ দাম।
অক্টোবৰ মাহত তেলৰ দাম প্ৰতিদিনে বাঢ়িছিল। কিন্তু চলিত মাহত স্থিৰ আছে পেট্ৰ'ল-ডিজেলৰ দাম।
বিগত কেইটামান দিন ধৰি দেশৰ বজাৰত পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ আছে। আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম সস্তা হৈছে। দেওবাৰৰ বাবে চৰকাৰী তেল সংস্থাসমূহৰ তৰফৰ পৰা পেট্ৰ'ল-ডিজেলৰ দাম জাৰি কৰা হৈছে। আজিৰ দিনটোতে দাম অপৰিৱৰ্তিত আছে।
অক্টোবৰ মাহত তেলৰ দাম প্ৰতিদিনে বাঢ়িছিল। কিন্তু চলিত মাহত স্থিৰ আছে দাম। আজিৰ দিনটোত পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ১০৩.৯৭ টকা আৰু ডিজেলৰ দাম ৮৬.৬৭ টকা।দীপাৱলীৰ
এদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লত ৫টকা আৰু ডিজেলত ১০ টকা এক্সাইজ ডিউটি হ্ৰাস কৰিছিল। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.২৯ টকা। সেইদৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্যত ০.১৬ টকা হ্ৰাস পাই ৯৪.৫৮ টকা হৈছেগৈ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|