কোৰোণা ভাইৰাছে স্বামীহাৰা কৰা শিৱসাগৰ জিলাৰ ২২ গৰাকী মহিলালৈ চৰকাৰৰ তৰফৰ পৰা ২ লাখ ৫০ হেজাৰ টকাকৈ আগবঢ়াইছে। জিলাখনত শনিবাৰে উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত কোভিডত স্বামীহাৰা হোৱা ২২ গৰাকী মহিলাৰ ভিতৰত ১২ গৰাকী মহিলাক আনুষ্ঠানিকভাৱেভাৱে চেক প্ৰদান কৰে শিক্ষা তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। বাকী ১০ গৰাকীক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি আঢ়ৈ লাখ টকীয়া চেক প্ৰেৰণৰ ব্যৱস্থা কৰে প্ৰশাসনে।
জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই আঁত ধৰা অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে ভাষণ দি কয় যে কোভিডত আক্ৰান্ত আৰু কোভিডত প্ৰাণ হেৰুওৱাসকলক চৰকাৰে সকলো প্ৰকাৰে সহায় কৰিবলৈ পদক্ষেপ লৈছে। সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে চৰকাৰে কোভিড আক্ৰান্তসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান, কোভিডত পিতৃ–মাতৃহাৰা হোৱা শিশুসকলক ১৮ বছৰ বয়সৰলৈকে বিনামূলীয়া শিক্ষা লাভৰ আঁচনি গ্ৰহণ কৰা বুলিও সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।
ইপিনে বাজেটত ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ বাহিৰে শিৱসাগৰৰ উন্নয়নৰ বাবে বিশেষ একো প্ৰস্তাৱ কিয় লোৱা নহ'ল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়– "শিৱসাগৰক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আইকনিক চিটি হিচাপে ঘোষণা কৰি এটা বৃহৎ প্ৰকল্প হাতত ল'বলৈ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, যিটো প্ৰকল্প আন কোনো জিলাৰ বাবে লোৱা নাই। শিৱসাগৰত থকা ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়কো ইতিমধ্যে অসম চৰকাৰৰ অধীনলৈ আনি কাম–কাজ দ্ৰুত কৰিবলৈ পদক্ষেপ লৈছে।"
অনুষ্ঠানত জিলাখনৰ সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰে উপায়ুক্ত বিষ্ণু কমল বৰাই। উক্ত অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্টৰ শ্যমন্ত মাধৱ শৰ্মা, গড়গাঁও কলেজৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|