আগন্তুক বিধানসভা নির্বাচনৰ বাবে অসম প্রদেশ কংগ্রেছৰ পৰ্য্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ভূপেশ বাঘেলক।
আগন্তুক বিধানসভা নির্বাচনৰ বাবে অসম প্রদেশ কংগ্রেছৰ পৰ্য্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ভূপেশ বাঘেলক।
গুৱাহাটীত উপস্থিত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। আগন্তুক বিধানসভা নির্বাচনৰ বাবে অসম প্রদেশ কংগ্রেছৰ পৰ্য্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ভূপেশ বাঘেলক। সোমবাৰে বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় ছত্তিশগড়ৰ মখ্যমন্ত্ৰীগৰাকী।
বিমানবন্দৰতে কংগ্ৰেছৰ নেতৃবৰ্গই উষ্ম আদৰণি জনাই বাঘেলক। ভুপেশ বাঘেলৰ লগতে গুৱাহাটীত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী মুকুল ৱাছনিক আৰু চাকিল আহমেদ খান ।
বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজন ৰাওনা মা কাম্যাখ্যা মন্দিৰলৈ । কাম্যাখ্যা দৰ্শন কৰাৰ পিছতে তাজ ভিভাণ্টালৈ যায় বাঘেল । বিয়লি ৪ বজাত ৰাজীৱ ভৱনত এখন বৈঠকত মিলিত হ'ব ভূপেশ বাঘেল । উল্লেখ্য যে, দুদিনীয়া ভ্ৰমনসুচী হাতত লৈ অসমলৈ আহিছে ছত্তিগড়ৰৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|