‘বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব বুলি কিয় বাৰে বাৰে কয় হিমন্ত বিশ্ব শৰ্মাই?’

News18 Assam | News18-Assam
Updated:January 12, 2020, 3:00 PM IST
‘বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব বুলি কিয় বাৰে বাৰে কয় হিমন্ত বিশ্ব শৰ্মাই?’
বিজেপিয়ে মাওবাদী সজাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক৷ কিন্তু মানুহে জানে কোন মাওবাদী।

বিজেপিয়ে মাওবাদী সজাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক৷ কিন্তু মানুহে জানে কোন মাওবাদী।

  • Share this:
অসমৰ ৰাজনীতি কোনো কালে মুখ্যমন্ত্ৰী হ’ব নোৱাৰে আজমল৷ আনকি আজমল নেতৃত্বাধীন AIUDF হ’ব নোৱাৰে মিত্ৰজোঁট৷ কিন্তু এই সকলোবোৰ অৱগত হোৱা সত্ত্বেও মন্ত্ৰী হিমন্ত বিশ্বই সঘনে অসমৰ ৰাজনীতিত আজমল মুখ্যমন্ত্ৰী হ’ব বুলি চিঞৰে৷ এয়া প্ৰকৃততে বিজেপিৰ চৰম নিকৃষ্ট ৰাজনীতি৷ আজমল মুখ্যমন্ত্ৰী হ’ব বুলি অপবাখ্যা উলিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰে বিভাজনৰ ৰাজনীতি৷ এই গুৰুত্বপূৰ্ণ মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ৷

ইপিনে, বিজেপিয়ে মাওবাদী সজাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক৷ কিন্তু মানুহে জানে কোন মাওবাদী। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ জন্ম হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নীতি-আদৰ্শত৷ তেন্তে অখিল গগৈ যদি মাওবাদী বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নীতি-আদৰ্শও মাওবাদী নেকি বুলি প্ৰশ্ন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ৷


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি