• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাইজে আমাৰ গাড়ীত ৫ বছৰৰ বাবে তেল ভৰাই দিছে, আকৌ যাব লাগিব তেল বিচাৰি – কোন বিধায়কে ক’লে এইদৰে?

ৰাইজে আমাৰ গাড়ীত ৫ বছৰৰ বাবে তেল ভৰাই দিছে, আকৌ যাব লাগিব তেল বিচাৰি – কোন বিধায়কে ক’লে এইদৰে?

পদ্ম হাজৰিকাই কয় – ছচিয়েল মিডিয়াত দুষ্টচক্ৰই চৰকাৰে কৰিবলৈ ওলোৱা উন্নয়নমূলক কাম বিলাকক ললীপপ বা টোপ বুলি অপপ্ৰচাৰ চলাইছে৷ সময়ত সকলো জলজল–পটপট হৈ ওলাই পৰিব।

  • Share this:
‘চুখই বিমান যিমানেই ওপৰলৈ নাযাওক কিয় তেল শেষ হ’লে তললৈ আহিব লাগিব৷ ৰাইজে আমাক ৫ বছৰৰ কাৰণে তেল দিছে৷ আমি চলি আছো, তেল শেষ হৈ আহি আছে৷ আৰু মাত্ৰ ১৪ মাহ গাড়ীখন চলিব৷ আকৌ তেল বিচাৰি আপোনালোকৰ ওচৰলৈকে যাব লাগিব৷ কিন্তু যিকেইটা দিন আপোনালোকে চলিবলৈ তেল দিছে সেইকেইটা দিন অন্তত চলিবলৈ দিয়ক৷ যদি কয় তেল আৰু নিদিও, তুমি গাড়ী চলাব নালাগে, আমি নচলাও৷ EX MLAৰ প্লেট বনাই ঘৰত বহি থাকিম৷’ – এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ।

চৰকাৰে বিশ্বনাথ জিলাৰ বাবে ঘোষণা কৰা নতুন মেডিকেল কলেজখন চতিয়াত স্থাপনৰ দাবীত আয়োজন কৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি পদ্ম হাজৰিকাই কয় – ছচিয়েল মিডিয়াত দুষ্টচক্ৰই চৰকাৰে কৰিবলৈ ওলোৱা উন্নয়নমূলক কাম বিলাকক ললীপপ বা টোপ বুলি অপপ্ৰচাৰ চলাইছে৷ সময়ত সকলো জলজল–পটপট হৈ ওলাই পৰিব।

ৰাজ্যত চলি থকা CAA বিৰোধী আন্দোলনক লৈ পদ্ম হাজিৰকাই কয় যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে আমাৰ একো অসুবিধা নাই। কিন্তু ৰাজহুৱা সম্পত্তি বিনষ্ট কৰিবলৈ, মোৰ ঘৰত আক্ৰমণ কৰিবলৈ, বিশ্বনাথ সমষ্টিৰ বিধায়কৰ ঘৰত আক্ৰমণ কৰিবলৈ যোৱা, এইধৰণৰ ঘটনা হ’ব নালাগে। আমি কেতিয়াও এই কথা মানি ল’ব নোৱাৰো।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি