உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চৰাইদেউ আৰক্ষীৰ বৃহৎ সাফল্য, ড্ৰাগছৰ লগতে নগদ ২,৭৩,৭০০ টকাসহ আটক এগৰাকী মহিলাক

    চৰাইদেউ আৰক্ষীৰ বৃহৎ সাফল্য, ড্ৰাগছৰ লগতে নগদ ২,৭৩,৭০০ টকাসহ আটক এগৰাকী মহিলাক

    ছিংফাং গেটৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ আৰু নগদ ২,৭৩,৭০০ টকা উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে।

    ছিংফাং গেটৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ আৰু নগদ ২,৭৩,৭০০ টকা উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে।

    ছিংফাং গেটৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ আৰু নগদ ২,৭৩,৭০০ টকা উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে।

    • Share this:
    ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰু সোণাৰি আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ অসম–নাগালেণ্ড সীমান্তৱৰ্তী নিমনাগড়ৰৰ ছিংফাং গেটৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ আৰু নগদ ২,৭৩,৭০০ টকা উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে।

    চৰাইদেউ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নেতৃত্বত চলা অভিযানত অঞ্চলটোৰ এখন ৰেচনৰ দোকানত অভিযান চলাই আৰক্ষীয়ে উক্ত ধনখিনিৰ লগতে ১১.০৫ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ জব্দ কৰে। ঘটনা সন্দৰ্ভত এই সমগ্ৰ অবৈধ নিষিদ্ধ ব্যৱসায় চলাই থকা এগৰাকী মহিলাক আটক কৰিছে চৰাইদেউ আৰক্ষীয়ে।

    আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, চৰাইদেউ আৰক্ষী থানা অধীক্ষক সুধাকৰ সিঙৰ নেতৃত্বত চৰাইদেউ আৰক্ষীৰ এটা দলে মথুৰাপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ সহায়ত অসম–নগালেণ্ড সীমান্তৰ চিংফাঙত অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছিল। চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিংফাং ফৰেষ্ট গেটৰ সমীপৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে৷ মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে  ১১.০৫ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ নগদ ২,৭৩,৭০০ টকাৰ লগতে এটা ম'বাইল হেণ্ডছেট জব্দ কৰিছে।
    Published by:Sanjay Kumar Das
    First published: