অজিত গগৈয়ে হেৰাই যাব ধৰা ৬৩ বিধ থলুৱা লোক বাদ্য সংৰক্ষণ কৰি ঘৰতে পাতিছে সংগ্ৰহালয়। সংস্কৃতিবান পৰিয়ালটোৰ প্ৰতিজন সদস্যই ব্ৰতী অসমীয়া থলুৱা সংস্কৃতি ৰক্ষা কৰাত।
অজিত গগৈয়ে হেৰাই যাব ধৰা ৬৩ বিধ থলুৱা লোক বাদ্য সংৰক্ষণ কৰি ঘৰতে পাতিছে সংগ্ৰহালয়। সংস্কৃতিবান পৰিয়ালটোৰ প্ৰতিজন সদস্যই ব্ৰতী অসমীয়া থলুৱা সংস্কৃতি ৰক্ষা কৰাত।
থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সাপেখাটিৰ কানু ভোগবাৰীৰ এজন শিল্পীয়ে৷ নিজ গৃহতে বৰ্তমান ৬৩ বিধ থলুৱা বাদ্য সংৰক্ষণ কৰাৰ লগতে ভবিষ্যতে এশ বিধ থলুৱা বাদ্যযন্ত্ৰ সংগ্ৰহৰ লক্ষ্য লৈছে শিল্পী জনে ৷
অসমীয়া সংস্কৃতিৰ হেৰাই যাবলৈ ধৰা বিভিন্ন বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি এইবোৰৰ সুৰ -তাল জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সাপেখাটিৰ অসম-অৰুণাচল সীমান্তৰ কানু ভোগবাৰী গাঁৱৰ এজন শিল্পীয়ে ৷ অজিত গগৈ নামৰ শিল্পী জনে ঘৰৰে এটা কোঠাত ক্ৰমাৎ হেৰাই যাব ধৰা বেণা, সাৰিণ্ডা , টোকাৰী, দোতাৰা, গগনা , টকা, বৰকাঁহ আদি ৬৩ বিধ থলুৱা বাদ্য সংৰক্ষণ কৰি ঘৰতে স্থাপন এটা সংগ্ৰহালয়। সংস্কৃতিবান পৰিয়ালটোৰ প্ৰতিজন সদস্যই ব্ৰতী হৈছে অসমীয়া থলুৱা সংস্কৃতি ৰক্ষা কৰাত।
থলুৱা লোক-বাদ্য সংগ্ৰহ এক নিচাত পৰিণত হোৱা অজিত গগৈয়ে মাত্ৰ ১২ বছৰ বয়সতে নিপুনতা অৰ্জন কৰিছিল ঢোলবাদনত। ঢোল বাদনৰ উপৰিও খোল, শংখ, ঘণ্টা, কৰতাল, ঢাক, দগৰ, নাগৰা, বাঁহী, শিঙা আদি প্ৰায়বোৰ বাদ্য বজাব পাৰে শিল্পীজনে। য়াৰোপৰি দিহানাম, টোকাৰী গীত নাইবা ঝুমুৰ গীতো সুন্দৰকৈ গায় শিল্পীজনে। অজিত গগৈৰ দুই পুত্ৰ কনছেং আৰু তাওছেংকো তেওঁ গঢ়ি তুলিছে ঢোলৰ ওজা হিচাপে। পত্নীয়ো এগৰাকী কোকিল কণ্ঠী গায়িকা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|