உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ইমান নীচ মনৰ হ’ব পাৰেনে মানুহ! কণমানি জিউৰ চিকিৎসাৰ ধন কৌশলেৰে আত্মসাৎ কৰি ৰঙাঘৰত সোমাল এইজন ভদ্ৰতাৰ মুখা পিন্ধা যুৱক

    ইমান নীচ মনৰ হ’ব পাৰেনে মানুহ! কণমানি জিউৰ চিকিৎসাৰ ধন কৌশলেৰে আত্মসাৎ কৰি ৰঙাঘৰত সোমাল এইজন ভদ্ৰতাৰ মুখা পিন্ধা যুৱক

    যুৱকজনৰ নাম শিশিৰ কুমাৰ গগৈ। ঘৰ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী বাঘমৰিয়াল গাঁৱত৷  যুৱকজন সম্প্ৰতি ৰঙাঘৰৰ আলহী।

    যুৱকজনৰ নাম শিশিৰ কুমাৰ গগৈ। ঘৰ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী বাঘমৰিয়াল গাঁৱত৷  যুৱকজন সম্প্ৰতি ৰঙাঘৰৰ আলহী।

    যুৱকজনৰ নাম শিশিৰ কুমাৰ গগৈ। ঘৰ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী বাঘমৰিয়াল গাঁৱত৷  যুৱকজন সম্প্ৰতি ৰঙাঘৰৰ আলহী।

    • Share this:
    বাংগালুৰুত চিকিৎসাধীন মঙলদৈৰ কণমানি জিউলৈ আগবঢ়োৱা ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক চৰাইদেউৰ সাপেখাতীৰ শিশিৰ কুমাৰ গগৈ নামৰ এজন যুৱক।

    চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ এজন যুৱকৰ জালিয়াতিৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে৷ নিজকে Human For Humanity foundation নামৰ এটা সংগঠনৰ সভাপতি হিচাপে চিনাকি দিয়া ভদ্ৰতাৰ মুখা পিন্ধা এই যুৱকজনৰ মুখাৰ আঁৰত যে আন এখন কুৎসিত মুখা থাকিব পাৰে সেই কথা আপুনি ভাবিবও নোৱাৰিব।

    যুৱকজনৰ নাম শিশিৰ কুমাৰ গগৈ। ঘৰ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী বাঘমৰিয়াল গাঁৱত৷  যুৱকজন সম্প্ৰতি ৰঙাঘৰৰ আলহী। এটা জটিল ৰোগত আক্ৰান্ত হৈ বাংগালোৰত চিকিৎসাধীন হৈ থকা মঙলদৈৰ কণমানি জিউলৈ আগবঢ়োৱা ৰাইজৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক শিশিৰ কুমাৰ গগৈ।

    তথ্য অনুসৰি মঙলদৈৰ মৃদুল কলিতা নামৰ লোকজনৰ কণমানি সন্তান জিউ এক জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া বাংগালুৰুত চিকিৎসাধীন হৈ আছে। জিউৰ চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ। যাৰ বাবে কণমানি জিউৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি মৃদুল কলিতাই সামাজিক মাধ্যমযোগে অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্নজনে মৃদুল কলিতালৈ অৰ্থ সাহায্য আগবঢ়াইছিল। আনকি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱায়ো জিউক সহায় কৰিবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে।



    তাকে দেখি সোণাৰি সাপেখাতিৰ শিশিৰ কুমাৰ গগৈয়ে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালে সকলোকে। ইমানখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু শিশিৰ কুমাৰ গগৈয়ে  ফেচবুকত জিউৰ বাবে আৰ্থিক সহায় বিচাৰি দিছিল এটা পোষ্ট। কিন্তু পোষ্টটোত মৃদুল কলিতাৰ গুগল পে’ নম্বৰৰ সলনি শিশিৰে দিলে আন এটা নম্বৰ। যাৰ ফলত ৰাইজে দিয়া বৰঙণি মৃদুল কলিতাৰ সলনি আন নম্বৰত সোমাল। এই সন্দৰ্ভত বাঘৰবাৰী ৰেনেচাঁ ক্লাবৰ সভাপতি নৱ কুমাৰ শৰ্মা, সহঃ সম্পাদক প্ৰশান্ত ডেকাই গোচৰ তৰিলে মঙলদৈ আৰক্ষীৰ ওচৰত। এই গোচৰৰ ভিত্তিতেই মঙলদৈ সদৰ আৰক্ষী আৰু সাপেখাতী আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই আটক কৰে শিশিৰক।

    জীৱন–মৰণৰ সৈতে যুঁজি থকা এটি কণমানিৰ চিকিৎসাৰ নামত ৰাইজে আগবঢ়োৱা ধন আত্মসাৎ কৰাৰ এই ঘটনাক এতিয়া ধিক্কাৰ দিছে সকলোৱে। শিশিৰৰ মুখা খোল খোৱাৰ পিছত এতিয়া ছচিয়েল মিডিয়াতো ধিক্কাৰ দিছে সকলোৱে।
    Published by:Sanjay Kumar Das
    First published: