মুখ্যপৃষ্ঠা »খবৰ »অসম »Charaideo Man Missing : "আজিৰ পৰা নেপাৱ মোক, মোক মাৰি পেলাব ইহঁতে"- বহিঃৰাজ্যত কৰ্ম কৰিবলৈ যোৱা যুৱকৰ কাতৰ কণ্ঠ

Charaideo Man Missing : "আজিৰ পৰা নেপাৱ মোক, মোক মাৰি পেলাব ইহঁতে"- বহিঃৰাজ্যত কৰ্ম কৰিবলৈ যোৱা যুৱকৰ কাতৰ কণ্ঠ

 যোৱা ৬ তাৰিখে ৰে'লেৰে যাত্ৰা কৰিছিল চৰাইদেউ জিলাৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱৰ বহিঃৰাজ্যত কৰ্মৰত ব্যক্তিজন

যোৱা ৬ তাৰিখে ৰে'লেৰে যাত্ৰা কৰিছিল চৰাইদেউ জিলাৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱৰ বহিঃৰাজ্যত কৰ্মৰত ব্যক্তিজন

যোৱা ৬ তাৰিখে ৰে'লেৰে যাত্ৰা কৰিছিল চৰাইদেউ জিলাৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱৰ বহিঃৰাজ্যত কৰ্মৰত ব্যক্তিজন

  • Share this:

বহিঃৰাজ্যত কৰ্মৰত চৰাইদেউ জিলাৰ এজন ব্যক্তি যাত্ৰাপথৰ পৰাই নিৰুদ্দিষ্ট হৈ থকা ঘটনাই পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে। শোকত ভাগি পৰিছে পৰিয়ালৰ লোকো৷ চৰাইদেউ জিলাৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱৰ নৃপেন চিত্ৰকৰ নামৰ ৩৭ বছৰীয়া ব্যক্তিজনে বিগত প্ৰায় পাঁচ বছৰ ধৰি গুজৰাটৰ এটা ব্যক্তিগত খণ্ডৰ তেল কোম্পানীত কৰ্মৰত আছিল।


কৰ্তব্যৰ মাজতে লাভ কৰা চুটিৰ দিনকেইটাত ঘৰলৈ আহি পুনৰ কৰ্তব্যলৈ গুচি যায় ব্যক্তিজন৷ ঠিক আগৰ দৰেই যোৱা ৬ ডিচেম্বৰৰ দিনা অবধ আসাম এক্সপ্ৰেছযোগে  শিমলুগুৰি ৰেল জংচনৰ পৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছিল নৃপেন চিত্ৰকৰে। দিল্লীৰ পৰা পুনৰ অন্য এখন ৰে'লেৰে  কৰ্মস্থলী গুজৰাটলৈ গৈছিল নৃপেন চিত্ৰকৰ। যাত্ৰা পথত পৰিয়ালৰ লোকৰ সৈতে ম'বাইলত কথা বাৰ্তা হৈ থকাৰ মাজতে শনিবাৰে পুৱতিনিশা তিনি বজাত নৃপন চিত্ৰকৰে পত্নীলৈ ফোন কৰি এক অবাঞ্ছিত খবৰ দিয়ে।


"আজিৰ পৰা নেপাৱ মোক, মোক মাৰি পেলালে ইয়াত" পত্নীয়ে পুনৰ ফোন কৰিলে স্বামী নৃপেন চিত্ৰকৰলৈ৷ ফোনত নৃপেন চিত্ৰকৰৰ একেই কথা " এইটো মোৰ লাষ্ট মাত''। কান্দি কান্দি জনালে- ''মই মৰিলোৱে, গোটেইবোৰে মোক মাৰিবলে লৈছে।"


তাৰ পিছৰ পৰাই ফোন অফ নৃপেন চিত্ৰকৰৰ। বৰ্তমানেও নিৰুদ্দিষ্ট হৈ আছে নিপেন চিত্ৰকৰ। বৰ্তমান কৰ্মস্থলী গুজৰাটৰ কাৰ্যালয় গৈ পোৱাগৈ নাই নৃপেন চিত্ৰকৰ। চিন্তিত হৈ পৰিছে এতিয়া পৰিয়ালৰ লোক। উপায়হীন হৈ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে টেঙাপুখুৰী আৰক্ষী চকীত  দাখিল কৰিছে এজাহাৰ। শোকত ভাগি পৰা পৰিয়ালৰ লোকসকল। 

শেহতীয়া বাতৰি