চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট ৰে'ল ষ্টেচনৰ কাষতে লাগি থকা ৰে'ল বিভাগৰ ভূমিত কেইবা দশক ধৰি বসবাস কৰি অহা শতাধিক পৰিয়াললৈ নামি আহিছে অন্ধকাৰ ভৱিষ্যত। ৰে'লৱেৰ মাটিত বাস কৰা লোকসকলক উদ্দেশ্যি বিগত ৩০ জানুৱাৰীত ৰে'ল বিভাগৰ পৰা জাৰি কৰা এক মৌখিক নিৰ্দেশনাই অন্ধকাৰ নমাই আনিছে অঞ্চলটোৰ লোক সকলৰ জীৱনলৈ।
উল্লেখযোগ্য় যে, ৰে'ল বিভাগৰ তৰফৰ পৰা উক্ত অঞ্চলত বসবাস কৰা লোকসকলক মাত্ৰ ১৫ দিনৰ ভিতৰত ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি খালি কৰি ৰে'ল বিভাগৰ মাটি মোকলাই দিবলৈ নিৰ্দেশনা প্ৰদান কৰা পাছতেই চিন্তিত হৈ পৰিছে লোকসকল। মাত্ৰ ১৫ দিনৰ ভিতৰত ঘৰ খালি কৰাৰ নিৰ্দেশনা পাই চিন্তাত পৰিছে উক্ত অঞ্চলত বাস কৰা শিক্ষাৰ্থীৰ লগতে অসুস্থ লোকসকল। সেয়েহে বিপাঙত পৰা উক্ত অঞ্চলত বসবাস কৰা লোক সকলে ১৫ দিনৰ সলনি তিনি মাহ সময় বিচাৰি চৰকাৰ আৰু ৰেল বিভাগলৈ কাতৰ অনুৰোধ জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।