জিলা গঠনহে হ’ল, পাঁচ বছৰে নহ’ল সীমা নিৰ্ধাৰণ, অসমৰ কোনখন জিলাৰ বাসিন্দাৰ মনত ক্ষোভ?

চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ আৰু আন্তঃগাথঁনি উন্নয়নৰ দাবীত সোণাৰিত আছুৰ কৰিছে প্ৰতিবাদ। আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ।
চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ আৰু আন্তঃগাথঁনি উন্নয়নৰ দাবীত সোণাৰিত আছুৰ কৰিছে প্ৰতিবাদ। আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ।
- News18 Assam
- Last Updated: August 11, 2020, 5:23 PM IST
শিৱসাগৰ জিলাৰ অন্যতম মহকুমা চৰাইদেউক ২০১৫ চনৰ ১৫ আগষ্টত জিলা হিচাপে ঘোষণা কৰাৰ পাঁচ বছৰ অতিক্ৰম হ’ল যদিও আজিলৈকে ইয়াৰ আন্তঃ গাঁথনি উন্নয়ন তথা জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
চৰাইদেউ জিলাবাসীয়ে বিভিন্ন চৰকাৰী কামৰ বাবে হাবাথুৰি খাব লগা হৈছে একমাত্ৰ সীমা নিৰ্ধাৰিত নোহোৱাৰ বাবে। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ আৰু আন্তঃগাথঁনি উন্নয়নৰ দাবীত সোণাৰিত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিলে আছুৱে।
আনহাতে শেহতীয়াকৈ বজালী জিলা ঘোষণা কাৰ্যক আদৰণি জনোৱা লগতে চৰাইদেউ জিলাৰ এখন মানচিত্ৰ শীঘ্ৰে প্ৰকাশৰ দাবী জনায় চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই।

মন কৰিবলগীয়া যে চৰাইদেউ জিলাত এগৰাকী সাংসদ, দুগৰাকী বিধায়ক তথা এগৰাকী ৰাজ্যিক মন্ত্ৰী থকা পাছতো চৰাইদেউ জিলাৰ আন্তঃ গাঁথনি উন্নয়ন নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে লগতে আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে চৰাইদেউক পূৰ্ণাংগ ৰূপ নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ চৰাইদেউ আছুৰ।
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মানিক গগৈয়ে বিগত পাঁচ বছৰে চৰাইদেউ জিলাক পূৰ্ণাংগ জিলা ৰূপে গঠন নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক। গগৈয়ে চৰকাৰক অতি শীঘ্ৰে চৰাইদেউক পূৰ্ণাংগ জিলাৰ মৰ্য্যদা প্ৰদান কৰি চৰকাৰী বিভাগীয় কাৰ্যালয় স্থাপন কৰাৰ লগতে সীমা নিৰ্ধাৰণ, মানচিত্ৰ প্ৰস্তুত আৰু আন্তঃ গাঠনি উন্নত কৰাৰো দাবী জনায়।