পৰাগ চেতিয়াই নুমলীগড়ৰ ৰিফাইনেৰীত টেংকাৰ চালক হিচাপে কৰ্মৰত আছিল।
পৰাগ চেতিয়াই নুমলীগড়ৰ ৰিফাইনেৰীত টেংকাৰ চালক হিচাপে কৰ্মৰত আছিল।
সাত দিন ধৰি নিৰুদ্দেশ চৰাইদেউ জিলাৰ টেঙাপুখুৰী ধামধূলিৰ ঘৰফলীয়াৰ এজন যুৱকে আলফাত যোগদানৰ সন্দেহ কৰা হৈছে। যোৱা ৫ মে'ৰ পৰা বিগত সাত দিন ধৰি নিৰুদ্দেশ হৈ আছে চৰাইদেউ জিলাৰ টেঙাপুখুৰী ধামধূলিৰ পুতুল চেতিয়া আৰু ভানু চেতিয়াৰ পুত্ৰ পৰাগ চেতিয়া।
ৰুগীয়া মাতৃয়ে হিয়াভঙা কান্দোনেৰে তেওঁৰ পুত্ৰ যদিহে সশস্ত্ৰ সংগঠন আলফা স্বাধীনলৈ (ULFA-I) ধাৱমান হৈছে, তেন্তে সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাইছে পুত্ৰক সোঁশৰীৰে ওভতাই দিবলৈ।
টেঙাপুখুৰীৰ ধামধূলি ঘৰফলীয়াৰ যুৱক পৰাগ চেতিয়াই নুমলীগড়ৰ ৰিফাইনেৰীত টেংকাৰ চালক হিচাপে কৰ্মৰত আছিল। কিছুদিন পূৰ্বে ঘৰলৈ আহিছিল পৰাগ চেতিয়া। যোৱা বৃহস্পতিবাৰে পৰাগ চেতিয়া ঘৰৰ পৰা পুনৰ নুমলীগড়ৰলৈ ওলাই গৈছিল। কিন্তু বৃহস্পতিবাৰৰ পৰা ম'বাইল ফোন অফ থাকে পৰাগ চেতিয়াৰ।
পৰাগ চেতিয়াৰ নিৰুদ্দেশক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। নিৰুদ্দিষ্ট সন্দৰ্ভত চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য, ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ একাংশ শিক্ষিত যুৱ প্ৰজন্মই ধাৱমান হৈছে সশস্ত্ৰ সংগঠন আলফা স্বাধীনলৈ। তাৰ পৰিপেক্ষিতত যদিহে পৰাগ চেতিয়াও সশস্ত্ৰ সংগঠন আলফা স্বাধীনলৈ ধাৱমান হৈছে তেন্তে ই এক চিন্তাৰ কাৰক হৈ পৰিব নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়ালটোৰ বাবে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|