মুখ্যপৃষ্ঠা »খবৰ »অসম »Charaideo DTO : বহিঃৰাজ্যৰ অনুজ্ঞাপত্ৰক বৈধতা প্ৰদান, চৰাইদেউ জিলা পৰিবহণ বিষয়া ৰাজীৱ কুমাৰ বৰদলৈক নিলম্বন

Charaideo DTO : বহিঃৰাজ্যৰ অনুজ্ঞাপত্ৰক বৈধতা প্ৰদান, চৰাইদেউ জিলা পৰিবহণ বিষয়া ৰাজীৱ কুমাৰ বৰদলৈক নিলম্বন

 অধিক অনুসন্ধানৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দল উপস্থিত সোণাৰিত

অধিক অনুসন্ধানৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দল উপস্থিত সোণাৰিত

অধিক অনুসন্ধানৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দল উপস্থিত সোণাৰিত

  • Share this:
চৰাইদেউ জিলাৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ কুমাৰ বৰদলৈক ভুৱা ড্ৰাইভিং লাইচেন্স বৈধ কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে ৷ দীৰ্ঘদিন ধৰি জিলা পৰিবহণ বিষয়াগৰাকীৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি আৰু অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লংডিং আৰু টিৰাপ জিলা আৰু নাগালেণ্ডৰ মন জিলাৰ পৰিবহণ বিভাগে পঞ্জীয়ন কৰা অবৈধ অনুজ্ঞাপত্ৰ চৰাইদেউ জিলাৰ পৰিবহণ বিষয়াগৰাকীয়ে বৈধতা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷

কোনো ধৰণৰ পৰীক্ষা নোলোৱাকৈয়ে বিষয়াগৰাকীয়ে বহিঃৰাজ্যৰ লাইচেঞ্চক বৈধতা প্ৰদান কৰা বুলি অভিযোগ পৰিবহণ বিষয়াগৰাকীৰ বিৰুদ্ধে। বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগৰ ভিত্তিতে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ যুটীয়া সচিব সুস্মিতা কাকতিয়ে চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া ৰাজীৱ কুমাৰ বৰদলৈক চাকৰিৰ পৰা নিলম্বন কৰে৷

আনহাতে, সমগ্ৰ বিষয়টো অধিক অনুসন্ধানৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল জিলাখনৰ সোণাৰিত বাহৰ পাতি থকাৰ বিষয়ে জানিব পৰা গৈছে৷ উল্লেখ্য, পৰিবহণ বিষয়া ৰাজীৱ কুমাৰ বৰদলৈৰ নেতৃত্বত দীৰ্ঘদিন ধৰি জিলাখনত চালকৰ অনুজ্ঞাপত্ৰ প্ৰদানকে ধৰি বিভিন্ন দিশত ব্যাপক বিত্তীয় অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷

শেহতীয়া বাতৰি