உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Asia Book of Records: এটা কণীৰ ওপৰত ১৩৮ দেশৰ পতাকা অংকন, সোণাৰিৰ চাংগিছ হাছানৰ নাম এছিয়া বুক অৱ ৰেকৰ্ডছত

    Asia Book of Records: এটা কণীৰ ওপৰত ১৩৮ দেশৰ পতাকা অংকন, সোণাৰিৰ চাংগিছ হাছানৰ নাম এছিয়া বুক অৱ ৰেকৰ্ডছত

    এইবাৰ যুৱকজনৰ লক্ষ্য গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ।

    এইবাৰ যুৱকজনৰ লক্ষ্য গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ।

    এইবাৰ যুৱকজনৰ লক্ষ্য গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ।

    • Share this:

    চৰাইদেউৰ জিলাৰ সোণাৰিৰ উচ্চ শিক্ষাৰে শিক্ষিত যুৱক চাংগিছ হাছানৰ বিশেষ সফলতা । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ পাছত এইবাৰ এছিয়া বুক অৱ ৰেকৰ্ডছ (Asia Book of Records)ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যুৱকগৰাকী।


    চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ তিনি নং ৱাৰ্ডৰ ইনামূল হুছেইনৰ জ্যেষ্ঠ পুত্ৰ হৈছে চাংগিছ হাচান। যুৱকজনে দুমাহ পূৰ্বে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। এটা কণীৰ খোলাৰ ওপৰত United Nationsৰ স্বীকৃতিপ্ৰাপ্ত ১৩৮খন দেশৰ পতাকা অংকন কৰিছিল।


    ইয়াৰ পিছতে এইবাৰ যুৱকজনে এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এছিয়া বুক অৱ ৰেকৰ্ডৰ তৰফৰ পৰা এখন বিশেষ মানপত্ৰ, এটা কলম, এখন পৰিচয় পত্ৰ, এটা মেডেল আগবঢ়োৱা হৈছে চাংগিছ হাচানক। এইবাৰ যুৱকজনৰ লক্ষ্য গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ। তাৰ বাবে যুৱকজনে প্ৰস্তুতি আৰম্ভ কৰিছে।


    তেওঁ এইবাৰ ১৯৮ খন দেশৰ পতাকা অংকন কৰিব এটা কণীৰ খোলাত, ইয়াৰে চেষ্টা অব্যাহত ৰাখিছে। চাংগিছ হাছানে এছিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰি চৰাইদেউ জিলালৈ  গৌৰৱ কঢ়িয়াই আনিছে।

    Published by:Gautam Barman
    First published: