এক নতুন বাৰ্তা আৰু নতুন গতিত পৰেশ বৰুৱাৰ ULFA-I ৷ কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ স্থানত গঠন কৰা হ'ল তিনিখন পৰিষদ ৷
দেওবাৰে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে ঘোষণা কৰিলে সংগঠনৰ ৰাজনৈতিক গোটক নতুনকৈ সজোৱাৰ কথা ৷ প্ৰেছ বিবৃতিৰ জৰিয়তে আলফা স্বাধীনে ঘোষণা কৰিলে– কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ স্থানত সৰ্বসন্মতি ক্ৰমে ULFA-Iয়ে গঠন কৰিলে উচ্চতম, উচ্চ আৰু নিম্ন পৰিষদ ৷
জেনেৰেল পৰেশ বৰুৱাৰ সভাপতিত্বত গঠন কৰা হৈছে তিনিজনীয়া উচ্চতম পৰিষদ ৷ উচ্চতম পৰিষদৰ সদস্য হ'ব লেঃ জেনেৰেল মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম ৷
উচ্চতম পৰিষদৰ পিছতে গঠন কৰা হৈছে উচ্চ পৰিষদ ৷ মেজৰ জেনেৰেল নয়ন অসমৰ সভাপতিত্বত চাৰিজনীয়া উচ্চ পৰিষদ গঠন কৰা হৈছে ৷ উচ্চ পৰিষদৰ সদস্য হৈছে বিগ্ৰেডিয়াৰ এ জেদ শিৰোনাম অসম, বিগ্ৰেডিয়াৰ অৰুণোদয় অসম আৰু অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ সমীৰণ অসম ৷
ইয়াৰ পিছতে গঠন কৰা হৈছে নিম্ন পৰিষদ ৷ ১৫ জনীয়া নিম্ন পৰিষদৰ সভাপতি হৈছে মেজৰ জেনেৰেল নয়ন অসম ৷ নিম্ন পৰিষদৰ উপ সভাপতি পদত দায়িত্ব দিয়া হৈছে এ জেদ শিৰোনাম অসমক ৷
নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হৈছে অৰুণোদয় অসমক ৷ সংগঠনৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত নয়ন অসম আৰু বিত্ত সম্পাদকৰ দায়িত্বও দিয়া হৈছে অৰুণোদয় অসমক। সাংস্কৃতিক সম্পাদক পদত সমীৰণ অসমক নিযুক্তি দি যুটীয়া সহকাৰী বিত্ত সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে গণেশ অসম আৰু ৰূপম অসমক ৷
একেদৰে নিম্ন পৰিষদত সহকাৰী বৈদেশিক সচিব পদত প্ৰাণময় অসম, সহকাৰী সাংগঠনিক সম্পাদক পদত তীব্ৰজিৎ অসম, সহকাৰী সাংস্কৃতিক সম্পাদক পদত দীপাংকৰ অসমক নিযুক্তি দিয়া হৈছে ৷ লগতে সহকাৰী প্ৰচাৰ সম্পাদক পদত ৰিজু অসম, কাৰ্যালয় পৰিচালক হিচাপে সুজিৎ অসম আৰু দুজন জ্যেষ্ঠ সামৰিক বিষয়াকো নিম্ন পৰিষদৰ সদস্য হ'ব বুলি সদৰী কৰিছে আলফা স্বাধীনে ৷
অৱশ্যে কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ সলনি তিনি ক্ষমতাসম্পন্ন কমিটি গঠন কৰিলেও আলফা স্বাধীনে ঘোষণা কৰা মতে ULFA-Iৰ সামৰিক বিভাগটো পূৰ্বৰ দৰেই কাৰ্যকৰী হৈ থাকিব ৷
উল্লেখযোগ্য যে নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰে অনানুষ্ঠানিকভাৱে আলোচনা ইতিবাচক দিশত চলি আছে বুলি ঘোষণা কৰিছে ৷
এনেদৰে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হোৱাত পূৰ্বৰ PCGৰ অন্যতম সদস্য হিৰণ্য শইকীয়াই চৰকাৰক যুদ্ধবিৰতি ঘোষণা কৰিবলৈ আহ্বান জনায়। লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আলোচনা প্ৰক্ৰিয়া পৰেশ বৰুৱাৰ সৈতে সম্ভৱ বুলি মন্তব্য কৰে হিৰণ্য শইকীয়াই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|