পৃথিৱীৰ কক্ষপথ এৰি জোনবাইৰ কাষলৈ চন্দ্ৰযান–২

আশা কৰা হৈছে যে আগন্তুক ৭ দিনত অৰ্থাৎ ২০ আগষ্টত চন্দ্ৰৰ আৰু কাষ চাপি যাব চন্দ্ৰযান–২।

News18-Assam
Updated:August 14, 2019, 11:14 AM IST
পৃথিৱীৰ কক্ষপথ এৰি জোনবাইৰ কাষলৈ চন্দ্ৰযান–২
আশা কৰা হৈছে যে আগন্তুক ৭ দিনত অৰ্থাৎ ২০ আগষ্টত চন্দ্ৰৰ আৰু কাষ চাপি যাব চন্দ্ৰযান–২।
News18-Assam
Updated: August 14, 2019, 11:14 AM IST
জোনবাইৰ দেশলৈ আগবাঢ়িছে চন্দ্ৰযান–২। বুধবাৰে নিশা ২.২১ বজাত পৃথিৱীৰ কক্ষপথৰ পৰা ওলাই চন্দ্ৰ অভিমুখে ৰাওনা হৈছে চন্দ্ৰযান–২। ISRO–এ Trans Lunar Insertion (TLI) প্ৰক্ৰিয়াৰ সহায়ত এই কাম সম্পন্ন কৰিছে।

চন্দ্ৰযান–২ এতিয়া চন্দ্ৰৰ পৰা ৩.৮৪ কিলোমিটাৰ দূৰত্বত আছে। আশা কৰা হৈছে যে আগন্তুক ৭ দিনত অৰ্থাৎ ২০ আগষ্টত চন্দ্ৰৰ আৰু কাষ চাপি যাব চন্দ্ৰযান–২। ইয়াৰ পিছত ৭ ছেপ্টেম্বৰত অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত। ২২ দিন পৃথিৱীৰ কক্ষপক্ষত থকাৰ পিছত চন্দ্ৰ অভিমুখে ৰাওনা হৈছে চন্দ্ৰযান–২।

৩৮৫০ কিলোগ্ৰাম ওজনৰ চন্দ্ৰযান–২ত তিনিটা অংশ আছে – অর্বিটাৰ, লেণ্ডাৰ আৰু ৰ’ভাৰ। ২২ জুলাইত ISRO-এ উৎক্ষেপণ কৰিছিল চন্দ্ৰযান–২। সফল উৎক্ষেপণৰ পিছত সকলো ভাৰতীয়ই চন্দ্ৰযান–২ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ সেই মুহূৰ্তটোৰ অপেক্ষাত আছে।



চন্দ্ৰযান–২ৰ সৈতে প্ৰেৰণ কৰা হৈছে অৰ্বিটাৰ, যিয়ে এবছৰলৈ চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি ৰ’ভাৰ আৰু ISROৰ সৈতে সম্পৰ্ক স্থাপন কৰি ৰাখিব। ‘বিক্ৰম’ লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। তাৰ পিছত লেণ্ডাৰৰ ভিতৰৰ পৰা ৰ’ভাৰ ‘প্ৰজ্ঞান’ক বাহিৰলৈ উলিয়াই আনিব আৰু নিজৰ অন্বেষণ আৰম্ভ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি