• Home
  • »
  • News
  • »
  • assam
  • »
  • হঠাৎ নিমাতীঘাটত উপস্থিত হৈ জাহাজ চলাচল ব্যৱস্থা পৰিদৰ্শন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

হঠাৎ নিমাতীঘাটত উপস্থিত হৈ জাহাজ চলাচল ব্যৱস্থা পৰিদৰ্শন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

নিমাতী-মাজুলীৰ মাজত নতুনকৈ তিনিখন জাহাজ সংযোজন কৰা হৈছে, বৰ্তমান ছখন জাহাজ চলি আছে।

নিমাতী-মাজুলীৰ মাজত নতুনকৈ তিনিখন জাহাজ সংযোজন কৰা হৈছে, বৰ্তমান ছখন জাহাজ চলি আছে।

নিমাতী-মাজুলীৰ মাজত নতুনকৈ তিনিখন জাহাজ সংযোজন কৰা হৈছে, বৰ্তমান ছখন জাহাজ চলি আছে।

  • Share this:

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে বিয়লি হঠাৎ নিমাতীঘাটত উপস্থিত হৈ ঘাটটোৰ পৰা মাজুলীলৈ চলাচল কৰা ফেৰীৰ পৰিচালনা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকী নিমাতীঘাটত উপস্থিত হৈ বহু সময় ঘাটত থকাৰ লগতে মাজুলীলৈ যাবলৈ সাজু হৈ থকা এখন ৰ'পেক্স আৰু এখন জাহাজৰ যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সুৰক্ষা দিশসমূহ পৰ্যবেক্ষণ কৰে।


 নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছৰে পৰা ১২ দিন ধৰি যোৰহাটত বাহৰ পাতি থাকি মন্ত্ৰীগৰাকীয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোক এক নতুন ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছিল। মন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ তদাৰকীত নিমাতী আৰু মাজুলীৰ ঘাটসমূহলৈ বহুখিনি পৰিৱৰ্তন আহে। বহু বছৰৰ পিছত নতুনত্ব লাভ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৱে।


বৰ্তমান নিমাতী-মাজুলীৰ মাজত ৰ'পেক্সকে ধৰি কেইবাখনো জাহাজ চলাচলৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে বান্ধি দিয়া সুৰক্ষা বিধিসমূহ মানি চলা হৈছেনে নাই শুক্ৰবাৰে বিয়লি যাত্ৰীসকলৰ মাজলৈ গৈ মত বিনিময় কৰি তাৰ বুজ লয় মন্ত্ৰী পাটোৱাৰীয়ে। আনহাতে লাইফজেকেট নিপিন্ধাকৈ কোনো যাত্ৰীয়ে যাতে জাহাজত যাব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিয়ে পৰিবহণ মন্ত্ৰীগৰাকীয়ে । এইক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলক মন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ লগতে ঘাটসমূহৰ ওপৰত চকু ৰখাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে ।


নিমাতী, মাজুলীৰ লগতে ধুবুৰীৰ জলপৰিবহণ ব্যৱস্থাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এই গুৰুত্বপূৰ্ণ ঘাটসমূহত জাহাজৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে খৰালি পানী কমিলেও জাহাজৰ চলাচল সুচল কৰি ৰাখিবলৈ ড্ৰেজাৰৰ জৰিয়তে নদীপথটো খন্দাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।


"নিমাতী-মাজুলীৰ মাজত বৰ্তমান যাতায়াত ব্যৱস্থা সুচল হৈছে । নিমাতী-মাজুলীৰ মাজত নতুনকৈ তিনিখন জাহাজ সংযোজন কৰা হৈছে। বৰ্তমান ছখন জাহাজ চলি আছে। ধুবুৰীত বৰ্তমান এখন ৰ'পেক্স চলি আছে। এখন কেটামাৰান জাহাজ ধুবুৰীলৈ আমি পঠাইছোঁ। তিনিখন জাহাজত মেৰাইন ইঞ্জিন লগাবলৈ দিছোঁ। আৰু চাৰিখন কেটামাৰান জাহাজ আহিছে। নতুনকৈ আৰু জাহাজ আহিব । তেতিয়া ধুবুৰী , গুৱাহাটী , নিমাতী , মাজুলী সকলোতে যাতায়াত ব্যৱস্থা অধিক সুচল হ'ব। কিন্তু যাত্ৰীসকলে লাইফজেকেট পিন্ধাটো বাধ্যতামূলক। নহ'লে জাহাজ চলিবলৈ দিয়া নহব।" -পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এনেদৰে কয়।

Published by:Gautam Barman
First published: