পাহাৰীয়া জিলাৰ শক্তিশালী আঞ্চলিক দল ASDCৰ নতুন সভাপতিৰ দায়িত্বত চন্দ্ৰকান্ত তেৰাং

পাহাৰীয়া জিলাৰ এই শক্তিশালী আঞ্চলিক দলটোৰ মুৰব্বী প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে LDP দলত যোগ দিয়াত খালী হৈছিল দলটোৰ সভাপতি পদ।
পাহাৰীয়া জিলাৰ এই শক্তিশালী আঞ্চলিক দলটোৰ মুৰব্বী প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে LDP দলত যোগ দিয়াত খালী হৈছিল দলটোৰ সভাপতি পদ।
- News18 Assam
- Last Updated: July 20, 2020, 9:17 AM IST
১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত পাহাৰৰ পাঁচটা সমষ্টিতে ASDC প্ৰাৰ্থী ক্ৰমে হাফলঙত সমৰজিৎ হাফলংবাৰ, বোকাজানত জগতছিং ইংতি, ডিফুত হেমছিং টিছো, হাওৰাঘাটত চন্দ্ৰকান্ত তেৰাং আৰু বৈঠালাংছু সমষ্টিত হলিৰাম তেৰাং নিৰ্বাচিত হৈছিল। ASDC দলে কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়িত্তশাসিত পৰিষদো গঠন কৰিবলৈ সক্ষম হৈছে।
ASDCৰ দুই জ্যেষ্ঠ নেতা হলিৰাম তেৰাং আৰু জগতছিং ইংতিয়ে একেৰাহে তিনিটা কাৰ্যকালৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। পাহাৰীয়া জিলাৰ এই শক্তিশালী আঞ্চলিক দলটোৰ মুৰব্বী প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে LDP দলত যোগ দিয়াত খালী হৈছিল দলটোৰ সভাপতি পদ। যিটো পদত অধিষ্ঠিত হয় হাওৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা দলটোৰ কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত তেৰাং। চন্দ্ৰকান্ত তেৰাং আৰু প্ৰাক্তন সাংসদ তথা প্ৰাক্তন CEM জয়ন্ত ৰংপিৰ নেতৃত্বত ASDC দলটোৱে পুনৰ প্ৰাণ পাই উঠিব বুলি আশা কৰিছে পাহাৰীয়া জিলা তিনিখনৰ আঞ্চলিকতাবাদী ৰাইজে।