ছেপ্তেম্বৰ মাহৰ পৰা খুলিব পাৰে ৰাজ্যৰ স্কুল-কলেজ, ক’লে শিক্ষামন্ত্ৰীয়ে

News18 Assam | News18-Assam
Updated:July 27, 2020, 8:19 PM IST
ছেপ্তেম্বৰ মাহৰ পৰা খুলিব পাৰে ৰাজ্যৰ স্কুল-কলেজ, ক’লে শিক্ষামন্ত্ৰীয়ে
আগষ্ট মাহৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব স্কুল-কলেজত পাঠদান

আগষ্ট মাহৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব স্কুল-কলেজত পাঠদান

  • Share this:
ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যত খুলিব পাৰে স্কুল-কলেজ। আগষ্ট মাহত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব স্কুল-কলেজত পাঠদান। এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ-ছাত্ৰী সংক্ৰমিত নোহোৱাকৈ স্কুল-কলেজ খোলাৰ পৰিকল্পনা কৰিছে চৰকাৰে। এই ক্ষেত্ৰত বহু কেইটা নিয়ম মানি চলিব লাগিব। ইতিমধ্যে এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে, যোৱা মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান। যাৰ ফলত সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰীসকল। শ্ৰেণীৰ অভাৱত পৰীক্ষাকলৈও চিন্তাত পৰা দেখা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে স্কুল-কলেজ ছেপ্তেম্বৰ মাহত খোলা হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিও, এই সকলোবোৰ নিৰ্ভৰ কৰিব আগষ্ট মাহৰ পৰিৱেশৰ ওপৰত।
Published by: Himangshu Bhuyan
First published: July 27, 2020, 8:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading