সম্পূৰ্ণ ল’ক ডাউন হোৱাৰ দিশে যোৰহাট, উদ্বিগ্ন জিলা প্ৰশাসন

News18 Assam | News18-Assam
Updated:July 3, 2020, 6:23 PM IST
সম্পূৰ্ণ ল’ক ডাউন হোৱাৰ দিশে যোৰহাট, উদ্বিগ্ন জিলা প্ৰশাসন
দৈনিক বৃদ্ধি পাইছে ট্ৰেভেল হিষ্ট্ৰী নথকা কোৰোণাত আক্ৰান্তৰ সংখ্যা।

দৈনিক বৃদ্ধি পাইছে ট্ৰেভেল হিষ্ট্ৰী নথকা কোৰোণাত আক্ৰান্তৰ সংখ্যা।

  • Share this:
কোৰণাৰ সামাজিক সংক্ৰমণৰ আশংকা যোৰহাটত। শুকুৰবাৰে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুজন কৰ্মচাৰীৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি। কোৰোণাত আক্ৰান্ত দুয়োজনৰে নাই কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী। ফলত এতিয়া আতংকিত হৈ পৰিছে জিলাখনৰ আৰক্ষী।

যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কোৰোণাত আক্ৰান্ত ব্যক্তি দুজন হ’ল তপন দত্ত আৰু পবিত্ৰ মাধৱ শইকীয়া। দুয়োৰে নাই কোনো ট্ৰেভেল হিষ্ট্ৰী। ফলত আতংকিত হৈ পৰিছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল। আনকি এতিয়া পুনৰ পৰীক্ষাৰ বাবে কৰা হৈছে সকলোৰে স্বাৱ সংগ্ৰহ।  প্ৰট'কল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে। শুক্ৰবাৰে চেনিটাইজ কৰা হয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয় তথা চৌহদটো।

যোৰহাটত ট্ৰেভেল হিষ্ট্ৰী নথকা ইজনৰ পিছত সিজন লোক কোৰোণাত আক্ৰান্তৰ পিছতে  উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন। শুকুৰবাৰ পৰ্যন্ত যোৰহাটত ২১৮ জন লোকৰ শৰীৰত পোৱা গ’ল কোৰোণা ভাইৰাছ । অৱশ্যে ইয়াৰে ৯৫ শতাংশকৈ অধিক লোকৰে শৰীৰত নাই ৰোগৰ কোনো লক্ষণ।

শুকুৰবাৰে যোৰহাট নগৰৰ ভোগদৈ দলঙৰ সমীপৰ আৰু ৰজাবাৰীৰ দুটা বাসগৃহ কণ্টেইনমেণ্ট হোম ঘোষণা কৰা হৈছে। মাৰোৱাৰীপট্টিৰ সামগ্ৰী সৰবৰাহ কৰা দুজন চালকৰ শৰীৰতো পোৱা গৈছে সংক্ৰমণ। বৰ্তমানলৈকে যোৰহাটত ভ্ৰমণ বৃত্তান্ত নথকা ১৭ জন লোকৰ শৰীৰত পোৱা গৈছে কোৰোণা।

ফলত এতিয়া কঠোৰ হৈছে জিলা প্ৰশাসন। যোৰহাট জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা যোৰহাটত পুনৰ ৫০ শতাংশ দোকান খোলা ৰখাৰ নিয়ম বলৱৎ কৰিব। আনহাতে শণি আৰু দেওবাৰে পৌৰসভা আৰু নগৰ সমিতিৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ উপৰিও বহু পঞ্চায়ত এলেকাতো সম্পূৰ্ণ ল’ক ডাউন ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে।  ইয়াৰ পিছতো যদিহে কোৰোণাত আক্ৰান্ত হোৱা ভ্ৰমণ বৃত্তান্ত নথকা লোকৰ সংখ্যা বাঢ়ি থাকে তেন্তে  যোৰহাটত সম্পূৰ্ণ ল’ক ডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
First published: July 3, 2020, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি