সমগ্ৰ গুৱাহাটীত সম্পূৰ্ণ ল’ক ডাউনৰ সম্ভাৱনা! কি ক’লে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

News18 Assam | News18-Assam
Updated:June 24, 2020, 4:56 PM IST
সমগ্ৰ গুৱাহাটীত সম্পূৰ্ণ ল’ক ডাউনৰ সম্ভাৱনা! কি ক’লে মন্ত্ৰী পীয়ুষ হাজৰিকাই?
'গুৱাহাটী এতিয়া নিৰাপদ হৈ থকা নাই। পৰাপক্ষত আহিব নালাগে গুৱাহাটীলৈ।'-ক’লে মন্ত্ৰী পীয়ুষ হাজৰিকাই

'গুৱাহাটী এতিয়া নিৰাপদ হৈ থকা নাই। পৰাপক্ষত আহিব নালাগে গুৱাহাটীলৈ।'-ক’লে মন্ত্ৰী পীয়ুষ হাজৰিকাই

  • Share this:
সম্পূৰ্ণ গুৱাহাটী মহানগৰীত সম্পূ্ৰ্ণ ল’ক ডাউনৰ সম্ভাৱনা! গুৱাহাটী এতিয়া নিৰাপদ হৈ থকা নাই। পৰাপক্ষত আহিব নালাগে গুৱাহাটীলৈ। এই সময়ত যদি গুৱাহাটীৰ মানুহ সজাগ নহয়, তেন্তে পৰিস্থিতি ভয়াৱহ হ’ব। ভয়ংকৰ গতিত গুৱাহাটীত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ।- এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

মন্ত্ৰী পীষুষ হাজৰিকাই কয় যে, ‘গুৱাহাটীবাসীয়ে এতিয়া ওলাব নালাগে ঘৰৰ পৰা। একাংশই নামানে এই কথা। ফলত এতিয়া গণ সংক্ৰমণ হৈছে গুৱাহাটীত। মঙলবাৰে কেৱল গুৱাহাটীতে ১০২ জন কোৰণাত আক্ৰান্ত হ’ল। ঠিক একেদৰে সোমবাৰেও প্ৰায় ৯৪ জন কোৰোণাত আক্ৰান্ত হৈছে। গতিকে গুৱাহাটীবাসীয়ে নিজক ৰক্ষা কৰিবলৈ ল’ক ডাউন মানিবই লাগিব।’

ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘পৰিস্থিতি অধিক যাতে অৱনতি ঘটিলে সমগ্ৰ গুৱাহাটীতে বলৱত্‍ হ’ব পাৰে ল’ক ডাউন। গুৱাহাটীত  ল’ক ডাউন হ’লে ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পৰিব। গতিকে গুৱাহাটীবাসী এতিয়া অধিক সজাগ-সচেতন হ’ব লাগিব।’
First published: June 24, 2020, 4:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি