ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।
যিকোনো মুহূৰ্তত কোৱাৰেণ্টাইন চেণ্টাৰ হ’ব পাৰে নেহৰু ষ্টেডিয়াম আৰু বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। প্ৰথম পৰ্যায়ৰ ল’ক ডাউনৰ সময়তে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল প্ৰযোজনত গুৱাহাটীৰ উলুবাৰীৰ নেহৰু ষ্টেডিয়াম কোৱাৰেণ্টাইন চেণ্টাৰ হ’ব পাৰে বুলি। সেই সময়তেই অসম ক্ৰিকেট সন্থায়ো গুৱাহাটীৰ বৰ্ষাপাৰাৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ প্ৰকল্প প্ৰয়োজনত কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰৰ বাবে চৰকাৰক প্ৰস্তাৱ দিছিল।
এতিয়া অসমত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে নেহৰু ষ্টেডিয়াম, বর্ষাপাৰা ষ্টেডিয়াম আৰু আমিনগাঁৱৰ ৰাজিৱ গান্ধী ইণ্ডোৰ ষ্টেডিয়ামখন কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে, ৰাজ্যৰ বাহিৰৰ পৰা অসমৰ লোক সকল উভতি অহাৰ বাবেই সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেণ্টাৰ ভৰ্তিহৈ পৰিছে। অৱশ্যে এই তিনিওখন ষ্টেডিয়ামৰ উপৰিও আন কেবাটাও স্থান চৰকাৰে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|