ৰাজ্যত এতিয়া বানৰ তাণ্ডব। চৌদিশে পানী আৰু পানী। শেহতীয়াকৈ বানপানীৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে জনতাৰ। উজনি নামনিৰ লগতে বৰাক উপত্যকাৰো বিভিন্ন ঠাইত চলি থকা নেৰানেপেৰা বৰষুণে অধিক অৱনতি ঘটাইছে পৰিস্থিতি। এনে জটিল পৰিস্থিতি চলি থকাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে উদ্বেগজনক খবৰ।
আজি নিশাৰ পৰাই গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৪ দিনলৈ অসমৰ লগতে উত্তৰ-পূৱৰ প্ৰায় ৰাজ্যতে অব্যাহত থাকিব কম বেছি পৰিমাণে বৰষুণ।
বৃহস্পতি আৰু শুকুৰবাৰে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। সেইদৰে অহা শনিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব। কিন্তু উজনি অসমৰ প্ৰায়বোৰ জিলাত শুকুৰবাৰৰ পৰাহে অধিক বৰষুণ অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
অহা দেওবাৰ পৰ্যন্ত অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে উক্ত দিনকেইটাত গুৱাহাটী মহানগৰীত প্ৰায় ২৫ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|