গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষীৰ জালত পৰিছে ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত এক বৃহৎ ছিণ্ডিকেট চক্ৰ ৷ উল্লেখযোগ্য যে যি সময়ত সাধাৰণ কৃষক ৰাইজে এক বেগ ইউৰিয়া সাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়তে সৰুপথাৰ নগৰৰ সাৰৰ ব্যৱসায়ীৰ সৈতে মিলি একাংশ দুষ্টচক্ৰই গাড়ীয়ে গাড়ীয়ে ইউৰিয়া সাৰ (Urea Fertilizers) সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰে গোপনে নাগালেণ্ড হৈ মণিপুৰলৈ সৰবৰাহ কৰি আহিছে ৷
উল্লেখযোগ্য যে গোপন খবৰৰ ভিত্তিত সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাই সন্দেহবশতঃ AS 05 AC 1223 নম্বৰৰ ইউৰিয়া সাৰভৰ্তি গাড়ীখনত তালাচী চলোৱাত এটাৰ পিছত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহে ৷
ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা A K BEEJ নামৰ সাৰৰ দোকানৰ স্বত্বাধিকাৰী অখিলেশ কুমাৰ প্ৰজাপতি, অসম নাগালেণ্ড সীমান্তৰ ৩নং ৰজাপুখুৰীৰ দিলদাৰ হুছেইন, আনোৱাৰা হুছেইন আৰু এজাৰুল হকক গ্ৰেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণৰ কৰিছে ৷
তদুপৰি দিলদাৰ আৰু এজাৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ak beej নামৰ সাৰৰ দোকানৰ গুদামৰ পৰা ৪৭ বেগ সাৰ জব্দ কৰিছে। উল্লেখ্য যে আটকাধীন সাৰ ছিণ্ডিকেটৰ নায়ক অখিলেশ কুমাৰ প্ৰজাপতি সৰুপথাৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ সম্পাদক তথা নিজকে বিজেপি আৰ এছ এছৰো কৰ্মকৰ্তা বুলি দম্ভালি মাৰি অতদিনে চলাই গৈছিল সাৰৰ চোৰাং ব্যৱসায় (Smuggling of Urea Fertilizers)।
ধৃত অখিলেশে বিভিন্ন লোকৰ পৰা ধনৰ প্ৰলোভনে আধাৰ কাৰ্ড আৰু স্বাক্ষৰ সংগ্ৰহ কৰি একাংশ ভুৱা কৃষক সৃষ্টিৰে তেওঁলোকৰ নামত আৱন্টিত ২৬০ টকীয়া ইউৰিয়া সাৰ ৭০০ টকাত নাগালেণ্ডলৈ বিক্ৰী কৰাৰ অভিযোগ উথ্থাপন হৈছে। এই সমগ্র সাৰৰ ছিণ্ডিকেট চক্ৰক সৰুপথাৰ আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত হোৱা কঠোৰ অভিযানে উৎখাত কৰিবলৈ সক্ষম হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|