২০২১ত সংখ্যালঘূ হ'ব অসমীয়া ভাষী!

বাঙালীক মাতৃভাষা কৰিবলৈ 'চলো পাল্টাই' কেম্পেইন!

news18assam
Updated:May 29, 2019, 11:03 PM IST
২০২১ত সংখ্যালঘূ হ'ব অসমীয়া ভাষী!
বাঙালীক মাতৃভাষা কৰিবলৈ 'চলো পাল্টাই' কেম্পেইন!
news18assam
Updated: May 29, 2019, 11:03 PM IST
ৰাজ্য অস্থিৰ কৰি সাতামপুৰুষীয়া সম্প্ৰীতি নষ্ট কৰিবলৈ দুষ্ট চক্ৰই কৰিছে চক্ৰান্ত! ডিজিটেল মাধ্যম Time8ত প্ৰকাশিত বাতৰি অনুসৰি ২০২১চনৰ লোকপিয়লত অসমত অসমীয়া ভাষা চেৰাই বাঙালী ভাষাক ৰাজ্যভাষা কৰাৰ উদ্দেশ্যৰে চলোৱা হৈছে চলো পাল্টাই নামৰ এক বিশেষ কেম্পেইন।



 

হিন্দু বাঙালীসকলৰ লগতে পূৰ্ববঙ্গীয় মূলৰ মানুহক মাতৃভাষা বাঙালী লিখাৰ আহ্বান জনাই চলোৱা হৈছে প্ৰচাৰ, উদ্দেশ্য অসমত অসমীয়া ভাষাক সংখ্যালঘূ কৰা। তথ্য অনুসৰি ফেচবুক আৰু হোৱাটছ এপ গ্ৰুপত ইয়াক লৈ চলিছে ব্যাপক প্ৰচাৰ। অসমত বাঙালী ভাষীক সংখ্যাগুৰু বুলি তুলি ধৰিবলৈ এই ষড়যন্ত্ৰ কৰাৰ কথা কোৱা হৈছে।



২০২১চনৰ লোকপিয়লত বাঙালী ভাষীৰ সংখ্যা বৃদ্ধিৰে অসমত অসমীয়া ভাষাক এলাগী কৰিবলৈ অপচেষ্টা দুষ্ট চক্ৰৰ। ‘চলো পাল্টাই’ৰ জৰিয়তে ‘জয় আই অসম বহুত হ’ল এতিয়া হ’ব জয় মা অসম’ নামেৰে শ্লোগান দিয়া হৈছে। ফেচবুকত চাৰ্কুলেট হৈছে যথেষ্ট আপত্তিজনক পোষ্ট। বাঙালী অসমৰ সৰ্ববৃহৎ জাতি বুলিও পোষ্ট দিছে একাংশই।



নিজৰ নাম উল্লেখ কৰি ফেচবুকত বাঙালী ভাষীক উচটনি দিয়া অপপ্ৰচাৰৰ খলনায়কবোৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান সচেতন ৰাইজৰ। এই ষড়যন্ত্ৰ শীঘ্ৰে ৰোধ কৰিবলৈ নোৱাৰিলে সম্প্ৰীতি বিনষ্ট হোৱাৰ লগতে আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে।
আৰু চাওক পৰৱৰ্তী বাতৰি