আঙুৰলতাক চেলেঞ্জ! বটদ্ৰৱাত প্ৰাৰ্থিত্ব বিচাৰিছে বিজেপিৰ জিলা পৰিষদৰ এইগৰাকী সদস্যাই

ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন। তিনিটা পৰ্যায়ত ৰাজ্যত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন। তিনিটা পৰ্যায়ত ৰাজ্যত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- News18 Assam
- Last Updated: March 2, 2021, 7:30 PM IST
বিজেপি দলেও প্ৰতিদিনেই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। উজনিৰ পৰা নামনিলৈ চলিছে প্ৰচাৰ অভিযান। এইবাৰো দিছপুৰৰ গাদী দখলৰ বাবে তৎপৰ হৈ পৰিছে নেতা–মন্ত্ৰী সকলো।
ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন। তিনিটা পৰ্যায়ত ৰাজ্যত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত হ’ব নিৰ্বাচন। ২ মে’ত হ’ব ভোটগণনা।
এনে সময়তে বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাক প্ৰত্যাহ্বান জনাই বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছে জিলা পৰিষদৰ এগৰাকী সদস্যাই। বটদ্ৰৱা সমষ্টিত আঙুৰলতাক প্ৰত্যাহ্বান জনাই প্ৰাৰ্থিত্ব বিচাৰিছে বিজেপিৰ জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভড়ালীয়ে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰাৰ্থিত্ব বিচাৰি উপস্থিত হয় সীমাৰেখা ভড়ালী। সীমাৰেখা ভড়ালী হাতীচোং জিলা পৰিষদৰ সদস্যা। কিন্তু সমষ্টিত কোনে টিকট লাভ কৰিব সেয়া সময়েহে ক’ব।