• Home
  • »
  • News
  • »
  • assam
  • »
  • অব্যাহত থাকিব চকা বন্ধ কাৰ্যসূচী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰে বৈঠকত নোলাল কোনো ফলাফল

অব্যাহত থাকিব চকা বন্ধ কাৰ্যসূচী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰে বৈঠকত নোলাল কোনো ফলাফল

মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা, কোনো কাৰণত নহয় পৰিবহণৰ ভাড়া বৃদ্ধি৷

মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা, কোনো কাৰণত নহয় পৰিবহণৰ ভাড়া বৃদ্ধি৷

মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা, কোনো কাৰণত নহয় পৰিবহণৰ ভাড়া বৃদ্ধি৷

  • Share this:
ৰাজ্যত অব্যাহত থাকিব চকা বন্ধ কাৰ্যসূচী৷ চকা বন্ধ উঠাই নলয় সদৌ অসম মটৰ পৰিবহণ সন্থাই৷ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰে সোমাবাৰে আলোচনাত বহিছিল সদৌ অসম মটৰ পৰিবহণ সন্থাৰ৷ পিছে, প্ৰায় ২ ঘণ্টা ধৰি মটৰ পৰিবহণ সন্থাৰ সতে বিভাগীয় মন্ত্ৰীৰ আলোচনা হ’ল যদিও সংগঠনটোয়ে নাপালে কোনো সমস্যাৰ সমাধান৷ যাৰ বাবে ৰাজ্যত চকাবন্ধ কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্তত অটল সংগঠনটো৷

অৱশ্যে সংগঠনটোৰ এই দাবীৰ বিপৰীতে মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা, কোনো কাৰণত নহয় পৰিবহণৰ ভাড়া বৃদ্ধি৷ বিপৰীতে বাহনত ১০০ শতাংশ যাত্ৰী কঢ়িওৱাৰ পদক্ষেপ ল’ব চৰকাৰে৷ ইয়াৰ বাবে সন্থাৰ পৰা ৭ দিনৰ সময়সীমা বিচাৰিলে বিভাগীয় মন্ত্ৰীয়ে৷ ৭ দিনৰ ভিতৰত স্বাস্থ্য বিভাগৰ পৰা অনুমতি লোৱাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ৷

ইপিনে, আন দুই কৰ ৰেহাই সন্দৰ্ভত কৰা দাবীৰ ক্ষেত্ৰত বিত্ত বিভাগৰ অনুমতি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্ট কৰে পাটোৱাৰীয়ে৷ যাৰ বাবে মন্ত্ৰীগৰাকীৰ পৰা কোনো সদুত্তৰ নপোৱাৰ বাবে বাহন বন্ধ ৰখাৰ সিদ্ধান্ত বাহাল ৰাখিছে পৰিবহণ সন্থাই৷

অৱশ্যে টেক্সি চালক মালিক সন্থাই বুধবাৰৰ পৰা ৰাজপথত বাহন চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিয়নো সংগঠনটোৰ জিলা ভিত্তিত অনুমতিকে ধৰি কেইবাটাও দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰিছে। যাৰ বাবে বুধবাৰে টেক্সি চলোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে৷
Published by:Sanjay Kumar Das
First published: