এতিয়াৰে পৰা ১০০ শতাংশ যাত্ৰীৰে চলিব যাত্ৰীবাহী বাহন, কি কৰিব লাগিব যাত্ৰীয়ে?

News18 Assam | News18-Assam
Updated:October 8, 2020, 7:42 PM IST
এতিয়াৰে পৰা ১০০ শতাংশ যাত্ৰীৰে চলিব যাত্ৰীবাহী বাহন, কি কৰিব লাগিব যাত্ৰীয়ে?
যাত্ৰীবাহী বাহনৰ ভিতৰত কোনো লোকে থিয় হৈ যাব নোৱাৰিব।

যাত্ৰীবাহী বাহনৰ ভিতৰত কোনো লোকে থিয় হৈ যাব নোৱাৰিব।

  • Share this:
চকা বন্ধ কাৰ্যসূচী  বাতিলৰ সিদ্ধান্ত গ্ৰহণ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ। ৮ অক্টোবৰৰ সন্ধিয়া ৬ বজাৰ পৰা প্রত্যাহাৰ কৰা হ’ল চকাবন্ধ কাৰ্যসূচী। এতিয়াৰে পৰা ১০০% যাত্ৰীৰে চলিব যাত্ৰীবাহী বাহন। যাত্ৰীবাহী বাহনৰ ভিতৰত কোনো লোকে থিয় হৈ যাব নোৱাৰিব। মাস্ক পৰিধান বাধ্যতামূলক হ’ব চালক আৰু হেণ্ডিমেনৰ। যাত্ৰীবাহী বাহনসমূহৰ ভিতৰত ছেনিটাইজাৰ থকাটো হ’ব বাধ্যতামূলক। সন্থাৰ অন্যান্য দাবীসমূহো পূৰণৰ বাবে চৰকাৰক আহ্বান।
Published by: Sanjay Kumar Das
First published: October 8, 2020, 7:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি