আমাক ভুল নুবুজিব – ৰাকেশ ৰিয়ান আৰু ভৃগু কাশ্যপক কিয় ক’লে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই?

News18 Assam | News18-Assam
Updated:January 14, 2020, 2:48 PM IST
আমাক ভুল নুবুজিব – ৰাকেশ ৰিয়ান আৰু ভৃগু কাশ্যপক কিয় ক’লে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই?
ৰাকেশ ৰিয়ানে সংবাদ মাধ্যমৰ আগত কৈছিল যে – আমি CAA বিৰোধী আন্দোলনত পূৰ্বৰে পৰা জড়িত হৈ আছো। হয়তো আমি কনিষ্ঠ শিল্পী হোৱা বাবে কাৰোবাৰ দৃষ্টিগোচৰ হোৱা নাই।

ৰাকেশ ৰিয়ানে সংবাদ মাধ্যমৰ আগত কৈছিল যে – আমি CAA বিৰোধী আন্দোলনত পূৰ্বৰে পৰা জড়িত হৈ আছো। হয়তো আমি কনিষ্ঠ শিল্পী হোৱা বাবে কাৰোবাৰ দৃষ্টিগোচৰ হোৱা নাই।

  • Share this:
চাবুৱাত CAAৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ‘আধ্যাত্মিক গণ হুংকাৰ’ কাৰ্যসূচীত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু ভৃগু কাশ্যপক চাবুৱাৰ বিহু মঞ্চত নিষেধাজ্ঞা জাৰি কৰিছিল। CAA বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ নকৰাৰ অভিযোগত কণ্ঠশিল্পী দুগৰাকীক নিষিদ্ধ ঘোষণা কৰিছিল ছাত্ৰ সন্থাই।

কিন্তু তাৰ পিছতে বিভিন্ন মহলৰ পৰা দুয়োগৰাকী শিল্পীয়ে CAAবিৰোধী আন্দোলনত জড়িত বুলি জানিব পাৰি কণ্ঠশিল্পী দুগৰাকীৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰে। লগতে কণ্ঠশিল্পী দুগৰাকীক চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাক ভুল নুবুজিবলৈ আহ্বান জনায় চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। এই সন্দৰ্ভত ফেচবুকত এটা ভিডিঅ’ প্ৰকাশ কৰে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা।

উল্লেখযোগ্য যে এই নিষেধাজ্ঞাৰ পিছতে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে সংবাদ মাধ্যমৰ আগত কৈছিল যে – আমি CAA বিৰোধী আন্দোলনত পূৰ্বৰে পৰা জড়িত হৈ আছো। হয়তো আমি কনিষ্ঠ শিল্পী হোৱা বাবে কাৰোবাৰ দৃষ্টিগোচৰ হোৱা নাই। জুবিন গাৰ্গ, বৰষাৰাণী বিষয়া আদিৰ দৰে শিল্পীক যিদৰে দৃষ্টিগোচৰ হৈছে, আমি কনিষ্ঠ শিল্পী হোৱা বাবে হয়তো দৃষ্টিগোচৰ হোৱা নাই। কিন্তু এই আন্দোলনত আমি জড়িত হৈ আছিলো আৰু হৈ থাকিম।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading