দীৰ্ঘদিনে বন্ধ হৈ আছে সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱন। মেৰামতিৰ নামত ৰবীন্দ্ৰ ভৱন বন্ধ কৰি ৰখা কাৰ্যই বিৰূপ প্ৰভাৱ পেলাইছে সাংস্কৃতিক কৰ্মীৰ মাজত।
অৱহেলা নে গুৰুত্বহীনতা? মেৰামতিৰ পিছত মেৰামতি। কিন্তু হৈ উঠাগৈ নাই ব্যৱহাৰৰ উপযোগ্য। মেৰামতিৰ নামত ব্যয় কৰা হৈছে প্ৰায় ৮ কোটি টকা। কিন্তু আজিও তলা ওলমি আছে ৰাজ্যৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত। ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ নামত ধন সৰকোৱাৰ পৰিকল্পনা কৰিছে নেকি কোনোৱে? বহু শিল্পী, কলা-কুশলীৰ স্মৃতিজড়িত ৰবীন্দ্ৰ ভৱনত এতিয়া কাৰ কোপদৃষ্টি? ১২ মাহে বন্ধ হৈ আছে ৰবীন্দ্ৰ ভৱন। ভিতৰত চলিছে নিৰ্মাণৰ কাম। প্ৰৱেশত বাধা দিয়া হৈছে সাংবাদিক বা অন্য লোকক।
কিন্তু দীৰ্ঘদিনে মেৰামতিৰ নামত বন্ধ হৈ থকা ৰবীন্দ্ৰ ভৱন পৰিদৰ্শন কৰি হতবাক সাংস্কৃতিক সাংবাদিক সন্থা। বাৰিষা পানী সোমোৱাৰ অজুহাতত বন্ধ ৰখা হৈছে ৰবীন্দ্ৰ ভৱন, যাৰ বাবে কিছুদিন পূৰ্বে কোটি কোটি টকা ব্যয়ৰে স্থাপন কৰা আচবাব, যন্ত্ৰপাতি নষ্ট হোৱাৰ উপক্ৰম হৈছে ৰবীন্দ্ৰ ভৱনৰ। এনেদৰে বন্ধ হৈ থকা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহৰ বাবে ৰবীন্দ্ৰ ভৱনে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ, যাৰ বাবে সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে ঠিকাভিত্তিক কৰ্মচাৰীৰ ৷ বন্ধ হৈ থকা ৰবীন্দ্ৰ ভৱন এমাহৰ ভিতৰত মুকলি কৰাৰ দাবী সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ। এমাহৰ ভিতৰত পুনৰ মেৰামতি কৰি অনুষ্ঠানৰ বাবে সাজু কৰি তুলিবলৈ দাবী সন্থাৰ।
কিন্তু দীৰ্ঘদিনে মেৰামতিৰ নামত বন্ধ হৈ থকা ৰবীন্দ্ৰ ভৱন পৰিদৰ্শন কৰি হতবাক সাংস্কৃতিক সাংবাদিক সন্থা। বাৰিষা পানী সোমোৱাৰ অজুহাতত বন্ধ ৰখা হৈছে ৰবীন্দ্ৰ ভৱন, যাৰ বাবে কিছু দিন পূৰ্বে কোটি কোটি টকা ব্যয়ৰে স্থাপন কৰা আচবাব, যন্ত্ৰপাতি নষ্ট হোৱাৰ উপক্ৰম হৈছে ৰবীন্দ্ৰ ভৱনৰ। এনেদৰে বন্ধ হৈ থকা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহৰ বাবে ৰবীন্দ্ৰ ভৱনে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।