লক্ষ্য এটাই, অসম তথা উত্তৰ-পূবক সমৃদ্ধিশালী কৰাৰ ৷ এই উদ্দেশ্য লৈয়েই দুদিনীয়া কাৰ্যসূচীৰে পশ্চিমবঙ্গলৈ আহি উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্ভৱনাৰ দুৱাৰ মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) ৷ উঠি অহা প্ৰজন্মক যাতে বন্দৰ ব্যৱসায়ৰ বাবে দক্ষ কৰি তুলিব পাৰি তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিব ইণ্ডিয়ান মেৰিটাইম বিশ্ববিদ্যালয় (Indian Maritime University)ৰ শাখা। পশ্চিমবঙ্গত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উল্লেখযোগ্য যে, ইণ্ডিয়ান মেৰিটাইম বিশ্ববিদ্যালয়ৰ দেশজুৰি আছে ৬টা শাখা ৷ চেন্নাই, কোচি, কলকাতা, মুম্বাই, নবী মুম্বাই আৰু বিশাখাপট্টনমত আছে মেৰিটাইম বিশ্ববিদ্যালয়ৰ শাখা । উত্তৰ পূৰ্বাঞ্চল (NorthEast India)ত ইয়াৰ চৌহদ তথা শাখা স্থাপন কৰিলে স্বাভাৱিকতে সামুদ্ৰিক ব্যৱসায় সন্দৰ্ভত অধ্যয়ন কৰাৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ (Water Ways) খণ্ডত নিয়োগৰ সম্ভাৱনা লাভ কৰিব অসম, উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে।
দুদিনীয়া কাৰ্যসূচীৰে আহি প্ৰথম দিনাই সোণোৱালে মুখাৰ্জী বন্দৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভণি কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আমদানি-ৰপ্তানি খণ্ডত যাতে উত্তৰ পূৰ্বাঞ্চলো অন্তৰ্ভূক্ত হয় তাৰ ওপৰত গুৰুত্ব দিছে বুলি সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। উত্তৰ-পূৱৰ উৎপাদিত সামগ্ৰী দেশ-বিদেশলৈ যাতে ৰপ্তানি কৰিব পাৰে, কৃষকে যাতে এখন বিশাল বজাৰ লাভ কৰে আৰু উত্তৰ পূৱে প্ৰয়োজনীয় সামগ্ৰী কম ব্যয়তে ক্ৰয় কৰিব পাৰে তাৰবাবে জলপথ সুদৃঢ় কৰাত জোৰ দিয়া হৈছে।