গণ সংক্ৰমণৰ শংকাৰ মাজত কেন্দ্ৰীয় মন্ত্ৰীয়ে কিয় পালন নকৰিলে কোৱাৰাণ্টাইনৰ প্ৰট’কল?

মাত্ৰ এটা দিন হোম কোৱাৰান্টাইনত থাকি চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰিলে মন্ত্ৰীয়ে।
মাত্ৰ এটা দিন হোম কোৱাৰান্টাইনত থাকি চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰিলে মন্ত্ৰীয়ে।
- News18 Assam
- Last Updated: June 13, 2020, 5:30 PM IST
মন্ত্ৰী শৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নেতৃত্বত স্বাস্থ্যবিভাগৰ চিকিৎসক–নাৰ্ছ–কৰ্মীসকলে দিনে–নিশাই কোৱাৰাণ্টাইন প্ৰক্ৰিয়া সফল কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ অকলশৰে ৰে’ল বা বিমানেৰে অহা মহিলা তথা বয়োজ্যেষ্ঠ লোকক ১৪দিনৰ হোম কোৱাৰান্টাইনৰ সুবিধা প্ৰদান কৰিছে। মুঠতে কোৱাৰাণ্টাইন হ’ব লাগিবই।
কিন্তু এইখিনিতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে VIP বা VVIP হ’লে কোৰোণাত আক্ৰান্ত নহ’ব নেকি? কোৱাৰাণ্টাইনৰ নিয়ম তেওঁলোকে পালন কৰিব নালাগে নে কি। কেৱল এদিন মাত্ৰ হোম কোৱাৰাণ্টাইনত থাকি নিয়ম উলংঘা কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কাণ্ডৰ লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়েও ।

যি সময়ত এবাৰ স্ৰাৱ সংগ্ৰহ কৰাৰ পিছত প্ৰথমে নিগেটিভ আহি পিছত পজিটিভ অহাৰ ঘটনা পোহৰলৈ আহিছে সেই সময়তে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এনে কৰ্ম কাণ্ডই সচেতন মহলক স্তম্ভিত কৰি তুলিছে ।ইফালে সাংবাদিকে সোধা প্ৰশ্নত VIP আৰু VVIP ৰ বাবে কিছুমান ৰেহাইহে থাকে বুলিহে উদ্ভট যুক্তি দিয়ে মন্ত্ৰী গৰাকীয়ে।