মুখ্যপৃষ্ঠা »খবৰ »অসম »কেদাৰনাথৰ কৰিড'ৰ মুকলিৰ লগত সংগতি ৰাখি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

কেদাৰনাথৰ কৰিড'ৰ মুকলিৰ লগত সংগতি ৰাখি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

শিৱসাগৰৰঐতিসাহিক শিৱ দৌলত পূজা অৰ্চনা   প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ,আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উপস্থিত থাকে মন্ত্ৰী যোগেন মোহনসহ কেইবাগৰাকী বিধায়ক।

শিৱসাগৰৰঐতিসাহিক শিৱ দৌলত পূজা অৰ্চনা   প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ,আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উপস্থিত থাকে মন্ত্ৰী যোগেন মোহনসহ কেইবাগৰাকী বিধায়ক।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেদাৰনাথ কৰিড'ৰৰ শুভাৰম্ভণী আৰু আদিগুৰু শংকৰাচাৰ্যৰ সমাধিক্ষেত্ৰৰ লগতে আৱক্ষ মূৰ্তিৰ শুভ উন্মোচনৰ উপলক্ষে ভাৰতৰ প্ৰায় ৮৬টা মঠ মন্দিৰ লগতে এক কাৰ্যসূচী হিচাপে শুকুৰবাৰে শিৱসাগৰৰ শিৱদৌলত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

শিৱদৌলত পূজা অৰ্চনা কৰাৰ পিছতে ঐতিসাহিক শিৱ দৌলৰ প্ৰাঙ্গনত ভিডিঅ' কনফাৰেঞ্চিঙৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰে। উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহন,যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ,  ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক সুশান্ত বৰগোঁহাই, ধৰ্মেশ্বৰ কোৱঁৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, শিৱসাগৰ  জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহাই লগতে বহু নেতা কৰ্মী উপস্থিত থাকি দেশৰ প্ৰধান মন্ত্ৰী সম্পূৰ্ণ কাৰ্যসূচী প্ৰত্যক্ষ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকী অনুষ্ঠানটো বন্তী প্ৰজ্বলনেৰে উদ্বোধন কৰি  ভাষণ প্ৰসঙ্গতঃনৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি যথেষ্ট গুৰুত্ব দি অহা বুলি উল্লেখ কৰে।শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলে আধ্যাত্মিক চিন্তা চৰ্চা, পৰিৱেশ গঢ় দি অহাৰ লগতে মানৱীয় প্ৰমূল্যবোধ , ভাতৃত্ববোধ বৃদ্ধি কৰি সমাজখনক প্ৰাণৱন্ত কৰি ৰখা বুলিও মন্তব্য কৰে সৰ্বানন্দ সোনোৱালে ।

সোনোৱালে কয় " প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ ঐতিহ্য , ইতিহাস , সংস্কৃতি সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে ।ৰাম মন্দিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি কেডাৰনাথ ধামৰ উন্নয়নৰ লৈকে বহু কাম কৰিছে । দেশৰ সভ্যতা সংস্কৃতিৰ ৰক্ষাৰ বাবে যি পদক্ষেপ লৈছে তাৰ প্ৰতি জনতাই সমৰ্থন আগবঢ়াইছে ।"

উক্ত কাৰ্যসূচীত শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

শেহতীয়া বাতৰি