অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal)। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বৰঝাৰ বিমানবন্দৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনালে আদৰণি। আজিৰে পৰা আৰম্ভ বিজেপিৰ আশীৰ্বাদ যাত্ৰা।
বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে আজাৰাস্থিত ৰাজহুৱা সভাঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল । বৰঝাৰ বিমানবন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক আদৰাৰ পিছতে আহি উপস্থিত হয় আজাৰাস্থিত সভাঘৰত । আজাৰা সভাঘৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে বিজেপিৰ কৰ্মীসকলে আদৰণী জনাই, তাৰ পিছতে আজাৰ সভাঘৰৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে সৰ্বানন্দ সোনোৱালে । গছপুলি ৰোপণৰ পিছতে জন আশীৰ্বাদ যাত্ৰাৰ সভাত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ।
উত্তৰ-পুৱৰ পৰা কেন্দ্ৰীয় কেবিনেটত ৫ জনক স্থান দিয়াত মোডীক ধন্যবাদ দিয়ে সোণোৱালে । বিজেপিৰ টীম ইণ্ডিয়াৰ কেপ্তেইন নৰেন্দ্ৰ মোডী আৰু অসমৰ কেপ্তেইন হিমন্ত বিশ্ব শৰ্মা বুলি প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দই । অসমত মুখ্যমন্ত্ৰী হিচাপে 100 দিনীয়া কাৰ্যকালত কৰা উন্নয়ণ তথা অপৰাধ ৰোধৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে সৰ্বানন্দ সোণোৱালে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|