কোৱাৰানটাইনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কোৰোণা পৰীক্ষাৰ বাবে স্ৱাব প্ৰেৰণ পৰীক্ষাগাৰলৈ

News18 Assam | News18-Assam
Updated:June 9, 2020, 11:27 AM IST
কোৱাৰানটাইনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কোৰোণা পৰীক্ষাৰ বাবে স্ৱাব প্ৰেৰণ পৰীক্ষাগাৰলৈ
চৰকাৰী নিয়ম মতে কেন্দ্ৰীয় মন্ত্ৰীজনে দিল্লীৰ পৰা আহি নিজকে কোৱাৰানটাইন কৰিছে।

চৰকাৰী নিয়ম মতে কেন্দ্ৰীয় মন্ত্ৰীজনে দিল্লীৰ পৰা আহি নিজকে কোৱাৰানটাইন কৰিছে।

  • Share this:
কোৱাৰানটাইনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰীজন ভিষ্টাৰা বিমান যোগে দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হৈছিল। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা মন্ত্ৰীজন দুলীয়াজানৰ নিজ ঘৰলৈ নগৈ পোনে পোনে আহি উপস্থিত হয়হি ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত।

আৱৰ্ত ভৱনতে মন্ত্ৰী গৰাকীয়ে নিজকে Quarantine ত ৰাখিছে।এই সময়ছোৱাত মন্ত্ৰী গৰাকীয়ে কোনো লোককে সাক্ষাত নকৰে বুলিও প্ৰকাশ কৰিছে। ইতিমধ্যে স্বাস্থ্য বিভাগে মন্ত্ৰী গৰাকীৰ স্বাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। যি সময়ত Quarantine ৰ ভয়ত বহু লোক পলায়ন কৰিছে তেনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজে Quarantineত থাকি আৰু সকলো চৰকাৰী নিয়ম পালন কৰি উৎকৃষ্ট উদাহৰণ দিছে সকলোকে।।
First published: June 9, 2020, 11:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading