• Home
  • »
  • News
  • »
  • assam
  • »
  • মই অসমীয়া হৈয়ে জন্ম লাভ কৰিছিলোঁ, মোৰ জন্মৰ পিচতহে অৰুণাচল সৃষ্টি হৈছে ! আমি সকলো চিষ্টাৰ ষ্টেট মিলি জুলি থাকিব লাগে: কিৰেণ ৰিজিজু

মই অসমীয়া হৈয়ে জন্ম লাভ কৰিছিলোঁ, মোৰ জন্মৰ পিচতহে অৰুণাচল সৃষ্টি হৈছে ! আমি সকলো চিষ্টাৰ ষ্টেট মিলি জুলি থাকিব লাগে: কিৰেণ ৰিজিজু

মই অসমীয়া হৈয়ে জন্ম লাভ কৰিছিলোঁ, মোৰ জন্মৰ পিচতহে অৰুণাচল সৃষ্টি হৈছে। আমি সকলো চিষ্টাৰ ষ্টেট মিলি জুলি থাকিব লাগে। সৰুপথাৰত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। 

  • Share this:
মই অসমীয়া হৈয়ে জন্ম লাভ কৰিছিলোঁ, মোৰ জন্মৰ পিচতহে অৰুণাচল সৃষ্টি হৈছে। আমি সকলো চিষ্টাৰ ষ্টেট মিলি জুলি থাকিব লাগে। সৰুপথাৰত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ।

সোমবাৰে সৰুপথাৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। সৰুপথাৰত উপস্থিত হৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীজনে। অসম মেঘালয় শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰিজিজুৱে। তেওঁ কয় যে এটা ঘটনাৰ বাবে দুখন ৰাজ্যৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। এনে ঘটনা এৰাই চলিব পাৰিলে ভাল। য'ত ত'ত কথা পতাতকৈ নমিনেটেড মেম্বাৰ সকলে ঘটনা সংঘটিত হোৱা অঞ্চলত কথা পাতি সমস্যা সমাধান কৰিব লাগে। আমি সকলো নৰ্থ ইষ্টৰ চিষ্টাৰ ষ্টেট হয়, সকলোৱে মিলি জুলি সমস্যা সমাধান কৰিব লাগিব। মই নিজেও অসমীয়া হিচাপে জন্ম হৈছিলো, মোৰ জন্মৰ পিচতহে অৰুণাচল সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী স্তৰত আলোচনা কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত থকা সীমা বিবাদ নিষ্পত্তিৰ চেষ্টা চলাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বে কোনেও এনে পদক্ষেপ লোৱা নাছিল। অসম মেঘালয়ত শেহতীয়া যি উত্তেজনা সৃষ্টি হৈছে, আলোচনাৰ মাজেৰেই সমস্যা সমাধানৰ পোষকতা ৰিজিজুৰ। সৰুপথাৰত এই মন্তব্য কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। প্ৰথম ভোটাৰ , সাংবাদিক আৰু বিশিষ্ট ব্যক্তি সকলৰ লগত মতবিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰিবলৈ আহি সাংবাদিকৰ আগত সৰুপথাৰত এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে । বিধায়ক পুঁজিৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰৰ স্মৃতি সৌধ স্থাপন কৰাৰ বাবে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনকো প্ৰশংসা কৰে মন্ত্ৰী গৰাকীয়ে । কলিয়াবৰ লোকসভা সমষ্টিত প্ৰাথমিক স্তৰৰ পৰা বিজেপি দলৰ স্থিতি মজবুত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । আগন্তুক লোকসভা নির্বাচনত কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিয়ে কেনেদৰে অৱতীৰ্ণ হ'ব বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত এনেদৰে মন্তব্য কৰে । আজি সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ সভাগৃহত ভোটাৰ, সাংবাদিক আৰু বিশিষ্ট ব্যক্তি সকলৰ লগত মত বিনিময় কৰে কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰী গৰাকীয়ে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি